March 6, 2025 6:57 PM March 6, 2025 6:57 PM
4
ৰাজস্থানৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৬ জন সদস্যৰ মৃত্যু
ৰাজস্থানৰ চিৰ'হী জিলাৰ আবু ৰোড চাদাৰ আৰক্ষী থানাৰ অন্তৰ্গত কিৱাৰলি অঞ্চলৰ সমীপৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ছজন সদস্যৰ মৃত্যু হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী মহিলাক চিৰ’হী হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি পুৱতি নিশা প্রায় ৩ বজাত আহমেদাবাদৰ পৰা জাল’ৰ অভিমুখে গৈ থকা এখন বাহনে এখন ট্ৰেইলাৰত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুর্ঘটনাটোত ৪ জন লোক থিতাতে নিহত হয় আৰু গুৰুতৰ ভাৱে আহত আন ৩ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰো...