April 28, 2024 8:24 PM
21
বিগত দশকত এন ডি এৰ নেতৃত্বত গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ তাৎপৰ্য বৃদ্ধি পাইছেঃ ৰাজনাথ সিঙ
জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, বিগত দশকত এন ডি এৰ নেতৃত্বত গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ তাৎপৰ্য বৃদ্ধি পাইছে। গুজৰাটৰ আনন্দ জিলাত এখন নির্বাচনী সভাক সম্বোধন কৰি শ্রীসিঙে কয় যে, কোনো বহিৰাগত শক্তিয়ে ভাৰতক ২০৪৭ চনৰ ভিতৰত এখন উন্নত দেশত পৰিণত হোৱাৰ যাত্ৰাক ৰোধ কৰিব নোৱাৰে। ইয়াৰ পূৰ্বে আহমেদাবাদত এখন সংবাদ মেলত ভাষণ দি শ্রীসিঙে বিজেপিৰ নির্বাচনী ইস্তাহাৰ এখন নতুন, আত্মনিৰ্ভৰশীল আৰু উন্নত ভাৰত গঢ়ি তোলাৰ এটা গেৰাণ্টি বুলি উল্লেখ কৰে।