September 17, 2024 6:39 PM

views 14

দেশক প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰঃ  প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে দেশক প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ ১০০ দিনৰ কাম-কাজৰ ভূয়সী প্ৰশংসা কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰতিৰক্ষা মন্ত্ৰ্যালয় বিগত ৩ মাহত ১ লাখ ৫০ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ প্ৰতিৰক্ষা সামগ্রী ক্রয় প্ৰস্তাৱত অনুমোদন জনাইছে। তেওঁ কয় যে চৰকাৰে ইতিবাচক থলুৱাকৰণৰ তালিকাত ৫০১ বিধৰো অধিক সামগ্রী অন্তর্ভুক্ত কৰিছে। সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ কল্যাণৰ বাবে গ্ৰহণ ...

September 13, 2024 9:04 PM

views 39

অত্যাধুনিক প্রযুক্তিৰে সুসজ্জিত ভি এল এছ আৰ এছ এ এম এই ক্ষেপনাস্ত্রবিধে সশস্ত্র বাহিনীসমূহক প্রযুক্তিগত সামর্থ্য বৃদ্ধি কৰিবঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা হ্ৰস্ব দূৰত্ব ভেদি ভি এল এছ আৰ এছ এ এম সফল পৰীক্ষণৰ বাবে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা, ভাৰতীয় নৌ সেনা আৰু সংশ্লিষ্ট সকলো পক্ষকে ভূয়সী প্রশংসা কৰিছে। শ্রীসিঙে কৈছে যে অত্যাধুনিক প্রযুক্তিৰে সুসজ্জিত এই ক্ষেপনাস্ত্রবিধে সশস্ত্র বাহিনীসমূহক প্রযুক্তিগত সামর্থ্য বৃদ্ধি কৰিব। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা তথা ভাৰতীয় নৌসেনাই ভি এল এছ আৰ এছ এ ক্ষেপনাস্ত্ৰ প্ৰণালীৰ একেৰাহে দুটাকৈ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। ওড়িশাৰ...

September 12, 2024 6:19 PM

views 8

তৰংগ শক্তিৰ দ্বিতীয় পৰ্যায়ৰ অনুশীলন কার্যসূচীত ৰাজনাথ সিঙৰ অংশগ্ৰহণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোধপুৰ বায়ুসেনা কেন্দ্ৰত চলি থকা তৰংগ শক্তিৰ দ্বিতীয় পৰ্যায়ৰ অনুশীলন কার্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে এই অনুশীলনৰ উদ্দেশ্য হৈছে – দেশৰ সামৰিক সামর্থ্যৰ প্ৰদৰ্শন আৰু অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰা। দেশৰ ক্ৰমবৰ্ধমান সামৰিক শক্তিৰ কথা উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বে ভাৰতে প্ৰতিৰক্ষা সঁজুলি আমদানি কৰিছিল যদিও এতিয়া প্ৰতিৰক্ষা সামগ্রী বিশ্বৰ ৯০ খন দেশলৈ ৰপ্তানি কৰিব পৰা হৈছে। তেওঁ কয় যে দেশৰ প্ৰয়োজন...

September 8, 2024 8:45 PM

views 58

সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ পুনৰ প্ৰতিষ্ঠাৰ বাবে কংগ্ৰেছৰ দাবীৰ বিৰুদ্ধে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দৃঢ় মত প্ৰকাশ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে কংগ্ৰেছ দলে জনোৱা দাবীৰ বিৰুদ্ধে দৃঢ় মত প্ৰকাশ কৰি কয় যে, বিজেপি দল ক্ষমতাত থকালৈকে এই অনুচ্ছেদ পুনৰ প্ৰতিষ্ঠা কৰা নহ'ব। মন্ত্ৰীগৰাকীয়ে দলটোৰ নেতৃত্বত জম্মু-কাশ্মীৰত পৰিলক্ষিত হোৱা শেহতীয়া অগ্রগতি সন্দৰ্ভত আলোকপাত কৰাৰ লগতে অঞ্চলটোৰ সাম্প্ৰতিক অৱস্থা অক্ষুণ্ণ ৰাখিবলৈ বিজেপিৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে। প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৰামবান জিলাত আয়োজিত এটা ৰেলীক সম্বোধন কৰি কয় যে, দেশৰ জনসাধাৰণৰ লগতে সমগ্ৰ বিশ্বৰ ...

August 18, 2024 8:24 PM

views 15

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ চেন্নাইৰ আঞ্চলিক সামুদ্রিক প্রদূষণ সঁহাৰি কেন্দ্ৰ, আৰ এম পি আৰ চি মুকলি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি চেন্নাইৰ ভাৰতৰ উপকূলৰক্ষী বাহিনীৰ আঞ্চলিক মুখ্য কাৰ্যালয়ত আঞ্চলিক সামুদ্রিক প্রদূষণ সঁহাৰি কেন্দ্ৰ, আৰ এম পি আৰ চি মুকলি কৰে। এই কেন্দ্ৰৰ জৰিয়তে সমুদ্রত তেলৰ অপব্যয় ৰোধ কৰিবলৈ বিশেষ দৃষ্টিভংগী নিশ্চিত কৰি এটা নিৰ্দিষ্ট অঞ্চলৰ ভিতৰৰ দেশসমূহৰ মাজৰ সহযোগিতা বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। আছিয়ান দেশসমূহৰ ২০ গৰাকী বিষয়াৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ দুসপ্তাহজোৰা প্ৰশিক্ষণো কাইলৈ আৰম্ভ হ'ব।

July 4, 2024 2:55 PM

views 12

অষ্ট্ৰেলিয়াৰ উপ-প্রধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰিছাৰ্ড মাৰ্লেছৰ সৈতে মন্ত্ৰী ৰাজনাথ সিঙৰ টেলিফোনিক বাৰ্তালাপ

■ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অষ্ট্ৰেলিয়াৰ উপ-প্রধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰিছাৰ্ড মাৰ্লেছৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীসিঙে কয় যে, তেওঁলোকে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন দিশ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত নিকট সহযোগিতা সম্পর্কে পর্যালোচনা কৰে। তেওঁ কয় যে, ভাৰতে অষ্ট্ৰেলিয়াৰ সৈতে বিস্তৃত কৌশলগত সহযোগিতাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰে।

July 4, 2024 2:38 PM

views 22

ভাৰতীয় সেনা অগ্নিবীৰ সকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধঃ ৰাজনাথ সিং

■ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, ভাৰতীয় সেনা অগ্নিবীৰ সকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীসিঙে অগ্নিবীৰ অজয় কুমাৰক প্ৰদান কৰা বেতন তথা অন্যান্য সা- সুবিধাসমূহৰ বিষয়ে ভাৰতীয় সেনা বাহিনীয়ে দিয়া স্পষ্টিকৰণ সম্পৰ্কে প্ৰকাশ কৰিছে। ভাৰতীয় সেনাই কৈছে যে, কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱা অগ্নিবীৰ অজয় কুমাৰৰ নিকটাত্মীয়ক কোনোধৰণৰ ক্ষতিপূৰণ দিয়া হোৱা নাই বুলি দিয়া কিছুমান বার্তা সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে। বাহিনীটোৱে কৈছে যে, ভাৰতীয় সেনাই অগ...

June 19, 2024 12:49 PM

views 26

ৰাজনাথ সিঙৰ বাসগৃহত বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নতুন দিল্লীস্থিত বাসগৃহত কালি বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় মন্ত্রী মনোহৰ লাল, ধর্মেন্দ্ৰ প্ৰধান, কিৰেন ৰিজিজু, ডাঃ এছ জয়শংকৰ আৰু চিৰাগ পাছৱানে এই বৈঠকত অংশগ্ৰহণ কৰে। ২৪ জুনত আৰম্ভ হ'বলগীয়া সংসদৰ অধিৱেশনৰ পূৰ্বে এই বৈঠক অনুষ্ঠিত হৈছে। নিৰ্বাচনৰ পিছত গঠন হোৱা অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশনতে নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্রহণ, সদনৰ অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ৰাষ্ট্ৰপতিয়ে উভয় সদনক উদ্দেশ্যি ভা...

June 13, 2024 4:21 PM

views 24

দেশৰ প্ৰতিৰক্ষা আমদানি অহা ৫ বছৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্যঃ ৰাজনাথ সিং

কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা আমদানি অহা ৫ বছৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰী সিঙে কয় যে ভাৰতে ইতিমধ্যে ২১ হাজাৰ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰতিৰক্ষা সা-সামগ্রী আমদানি কৰিছে। ইয়াক এক অভিলেখ বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে এখন শক্তিশালী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লগতে দেশৰ সুৰক্ষা তথা নিৰাপত্তা বাহিনীসমূহৰ কল্যাণ সাধনেই হৈছে কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰা...

April 30, 2024 7:50 PM

views 22

মধ্য প্ৰদেশৰ খাণ্ডৱা আৰু ৱাৰবাণীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নিৰ্বাচনী প্ৰচাৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি মধ্য প্ৰদেশৰ খাণ্ডৱা আৰু ৱাৰবাণীত দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। তেঁও কয় যে পৃথককৈ বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো এতিয়া বন্ধ কৰা উচিত ৷ তেওঁ প্ৰতি ৫ বছৰৰ ব্যৱধানত দুয়োটা নির্বাচন সমান্তৰালভাৱে অনুষ্ঠিত কৰা উচিত। এইয়া বিজেপিৰ সংকল্প বুলি তেওঁ অৱগত কৰে। শ্ৰীসিঙে লোকসভা আৰু বিধানসভা নিৰ্বাচন সমান্তৰালকৈ কৰা হ'ব বুলি আশ্বাস দি কয় যে, ইয়াৰ বাবে প্ৰয়োজনীয় সংশোধন বিজেপি চৰকাৰে কৰিব। তেওঁ বিজেপি নেতৃত্বাধীন চৰকাৰে তিনি তালাক আৰু জম্মু কাশ্মীৰ...