November 3, 2024 11:17 AM November 3, 2024 11:17 AM

views 4

ভাৰতৰ আত্মনিৰ্ভৰ অভিযানৰ ফলত দেশৰ প্ৰতিৰক্ষা ৰপ্তানি ২০২৯-৩০ বৰ্ষৰ ভিতৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনাঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, ভাৰতৰ আত্মনিৰ্ভৰ অভিযানে আশা কৰা ধৰণৰ ফল দিছে আৰু দেশৰ প্ৰতিৰক্ষা ৰপ্তানি ২০২৯-৩০ বৰ্ষৰ ভিতৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান কানপুৰৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস সমাৰোহত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে যুৱক-যুৱতীসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ সপোন বাস্তবায়িত কৰাৰ বাবে থলুৱাভাৱে অত্যাধুনিক প্রযুক্তি বিকশাই তুলিবলৈ আহ্বান জনায়। অত্যাধুনিক প্ৰযুক্তিৰ আৱশ্যকতাৰ ওপৰত গুৰুত...

October 31, 2024 5:40 PM October 31, 2024 5:40 PM

views 5

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিলে টাৱাঙত নিৰ্মিত  চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে ভাৰত আৰু চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া কেতবোৰ অঞ্চলৰ ক্ষেত্ৰত থকা মতানৈক্য সমাধানৰ বাবে কূটনৈতিক আৰু সামৰিক দুয়োটা পৰ্যায়তে আলোচনাত মিলিত হয়। এই আলোচনা অনুসৰি সম আৰু পাৰস্পৰিক নিৰাপত্তাৰ ভিত্তিত বহুলভাৱে সহমতত উপনীত হয়। শ্রী সিঙে ভার্চুৱেল ব্যৱস্থাৰে টাৱাঙত আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি আৰু মেজৰ ৰালেংনাও বব খাটিং ‘সাহসৰ সংগ্ৰহালয়' উদ্বোধন কৰি এনেদৰে কয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে টাৱাঙত নিৰ্মাণ কৰা চৰ্দাৰ পেটেলৰ প্ৰতিমূৰ্তিয়ে...

October 31, 2024 11:32 AM October 31, 2024 11:32 AM

views 4

ভাৰতে সদায় চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত বিশ্বাস কৰেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, নিৰন্তৰ সামৰিক আৰু কূটনৈতিক প্ৰচেষ্টাৰ বাবেই ভাৰত আৰু চীন প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া কেতবোৰ অঞ্চলত পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে সহমতত উপনীত হৈছে। তেজপুৰৰ বড়াখানাত কালি নিশা সৈনিকসকলক সম্বোধন কৰি শ্রীসিঙে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতে সদায় চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত বিশ্বাস কৰে। চৰকাৰে দেশৰ সেনা বাহিনীৰ স্বাৰ্থৰ কথা বিবেচনা কৰি শান্তি বাহাল কৰাৰ এই প্ৰক্ৰিয়াত আৱশ্যকীয় পদক্ষেপ ল'ব বুলি তেওঁ সজোৰে প্ৰকা...

October 24, 2024 12:35 PM October 24, 2024 12:35 PM

views 7

নতুন দিল্লীত চাণক্য প্ৰতিৰক্ষা আলোচনা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ দ্বিতীয় সংস্কৰণ মুকলি ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত চাণক্য প্ৰতিৰক্ষা আলোচনা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। মন্ত্ৰীগৰাকীয়ে এই আলোচনাচক্ৰত ভাৰতীয় সেনাৰ সেউজ উদ্যম আৰু আই এৰ ডিজিটেলকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিব। শ্রীসিঙে লগতে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্য উপনীত হোৱাৰ ক্ষেত্ৰত সৰ্বাত্মক সুৰক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি উন্নয়ন আৰু সুৰক্ষাৰ বাবে ভাৰতৰ দৃষ্টিভংগী সন্দৰ্ভত মূল ভাষণ প্ৰদান কৰিব। স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ...

October 8, 2024 7:44 PM October 8, 2024 7:44 PM

views 4

জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্ট ৰিয়ছৰে মন্ত্ৰী ৰাজনাথ সিঙৰ টেলিফোনযোগে বাৰ্তালাপ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্ট ৰিয়ছৰ সৈতে টেলিফোনযোগে কথা পাতে। শ্রীসিঙে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কৈছে যে, কথোপকথনৰ সময়ত দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা আৰু যোগান শৃংখলা শক্তিশালী কৰাৰ বিভিন্ন উপায় সম্পর্কে আলোচনা কৰে। আলোচনাকালত বায়ু আৰু সামুদ্রিক ক্ষেত্ৰৰ অনুশীলনসহ বৰ্তমানৰ বিভিন্ন সহযোগিতামূলক কাম-কাজৰো পৰ্যালোচনা চলোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত আৰু জাৰ্মানীৰ যুটীয়া প্ৰকল্পসমূহৰ লগতে প্ৰতিৰক্...

October 4, 2024 7:56 PM October 4, 2024 7:56 PM

views 4

ভাৰতীয় প্ৰতিৰক্ষা নির্মাণ সংস্থাৰ সমাজ – এছ আই ডি এমৰ সপ্তম বার্ষিক সাধাৰণ সভাত প্ৰতিৰক্ষা মন্ত্ৰীৰ ভাষণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কয় যে, চৰকাৰ দেশক গোলকীয় নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে প্ৰতিৰক্ষা উদ্যোগক ৰপ্তানিমুখী কৰি তুলিবলৈ প্ৰতিশ্রুতিবদ্ধ। নতুন দিল্লীত ভাৰতীয় প্ৰতিৰক্ষা নির্মাণ সংস্থাসমূহৰ সমাজ - এছ আই ডি এমৰ সপ্তম বার্ষিক সাধাৰণ সভাত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, ২০২৩-২৪ বৰ্ষত ঘৰুৱা প্ৰতিৰক্ষা উৎপাদনে ১ লাখ ২৭ হাজাৰ কোটি টকাৰ অভিলেখ সংখ্যক পৰিমাণ অতিক্ৰম কৰিছে। মন্ত্ৰীগৰাকীয়ে কৃত্রিম বুদ্ধিমত্তা, চাইবাৰ প্ৰতিৰক্ষা তথা স্বাধীন সংস্থাসমূহৰ লগতে শেহতীয়া প্রয...

October 1, 2024 8:30 PM October 1, 2024 8:30 PM

views 6

ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা ৭ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ বায়ুবীৰ বিজেতা কাৰ ৰেলী মুকলি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা ৭ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ বায়ুবীৰ বিজেতা কাৰ ৰেলী মুকলি কৰে। এই কাৰ ৰেলী প্রথমে লাডাখৰ থৈছেত উপস্থিত হব। তাৰ পিছত ভাৰতীয় বায়ু সেনাৰ ৯২ সংখ্যক জয়ন্তী উপলক্ষে চলিত মাহৰ ৮ তাৰিখে আনুষ্ঠানিকভাৱে এই কাৰ ৰেলী অৰুণাচলৰ টাৱাঙলৈ প্লেগ অফ কৰা হ'ব। অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, বায়ু বীৰ বিজেতা কাৰ ৰেলীৰ দ্বাৰা যুৱক-যুৱতীসকল অনুপ্রাণিত হ'ব আৰু বায়ু সেনাৰ বিষয়ে সজাগতা আৰু জ্ঞান বৃদ্ধি কৰিব। তেওঁ কয় যে, বায়ু ...

September 23, 2024 8:33 PM September 23, 2024 8:33 PM

views 6

জয়পুৰত সামৰিক বিদ্যালয় আনুষ্ঠানিক উদ্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় সেনাক শক্তিশালী কৰাৰ ক্ষেত্ৰত সামৰিক বিদ্যালয়সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে বুলি মন্তব্য কৰিছে। আজি জয়পুৰত এখন সামৰিক বিদ্যালয় আনুষ্ঠানিকভাবে উদ্বোধন কৰি শ্ৰী সিঙে কয় যে, ৰাজস্থান সংস্কৃতি আৰু বীৰত্বৰ বাবে প্ৰসিদ্ধ ৷ এই সামৰিক বিদ্যালয়খন চলিত শিক্ষা বৰ্ষতে ইতিমধ্যে কাৰ্যকৰী হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই বিদ্যালয়খন কেন্দ্ৰীয় চৰকাৰৰ এশ খন ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব ব্যৱস্থাৰে মুকলি হবলগীয়া সামৰিক বিদ্যালয়সমূহৰ অন...

September 17, 2024 6:39 PM September 17, 2024 6:39 PM

views 6

দেশক প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰঃ  প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে দেশক প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ ১০০ দিনৰ কাম-কাজৰ ভূয়সী প্ৰশংসা কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰতিৰক্ষা মন্ত্ৰ্যালয় বিগত ৩ মাহত ১ লাখ ৫০ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ প্ৰতিৰক্ষা সামগ্রী ক্রয় প্ৰস্তাৱত অনুমোদন জনাইছে। তেওঁ কয় যে চৰকাৰে ইতিবাচক থলুৱাকৰণৰ তালিকাত ৫০১ বিধৰো অধিক সামগ্রী অন্তর্ভুক্ত কৰিছে। সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ কল্যাণৰ বাবে গ্ৰহণ ...

September 13, 2024 9:04 PM September 13, 2024 9:04 PM

views 22

অত্যাধুনিক প্রযুক্তিৰে সুসজ্জিত ভি এল এছ আৰ এছ এ এম এই ক্ষেপনাস্ত্রবিধে সশস্ত্র বাহিনীসমূহক প্রযুক্তিগত সামর্থ্য বৃদ্ধি কৰিবঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা হ্ৰস্ব দূৰত্ব ভেদি ভি এল এছ আৰ এছ এ এম সফল পৰীক্ষণৰ বাবে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা, ভাৰতীয় নৌ সেনা আৰু সংশ্লিষ্ট সকলো পক্ষকে ভূয়সী প্রশংসা কৰিছে। শ্রীসিঙে কৈছে যে অত্যাধুনিক প্রযুক্তিৰে সুসজ্জিত এই ক্ষেপনাস্ত্রবিধে সশস্ত্র বাহিনীসমূহক প্রযুক্তিগত সামর্থ্য বৃদ্ধি কৰিব। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা তথা ভাৰতীয় নৌসেনাই ভি এল এছ আৰ এছ এ ক্ষেপনাস্ত্ৰ প্ৰণালীৰ একেৰাহে দুটাকৈ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। ওড়িশাৰ...