November 20, 2024 5:42 PM
25
আছিয়ান দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক ‘এ ডি এম এম প্লাছ’ত অংশগ্ৰহণৰ উদ্দেশ্যে লাওছ অভিমুখে ৰাওনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আছিয়ান দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক ‘এ ডি এম এম প্লাছ’ত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিদিনীয়া কাৰ্যসূচীৰে আজি লাওছ অভিমুখে ৰাওনা হৈছে। এই বৈঠকৰ সময়ছোৱাত তেওঁ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক লৈ গঠিত এখন মঞ্চতো ভাষণ দিব। উল্লেখযোগ্য যে এ ডি এম এম হ’ল আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ পাৰস্পৰিক সহযোগিতা বিষয়ৰ শীৰ্ষস্থানীয় মঞ্চ। আছিয়ান গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰ – ব্রুনেই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইন্ছ, ছিংগাপুৰ, থ...