March 4, 2025 6:02 PM
14
আভ্যন্তৰীণ সুৰক্ষাৰ বাবে উন্নত প্রযুক্তি শীর্ষক এখন আলোচনা চক্ৰত ৰাজনাথ সিঙৰ অংশগ্ৰহণ
হাইব্রিড যুদ্ধ, চাইবাৰ আৰু মহাকাশ ভিত্তিক বাধাৰ দৰে অগতানুগতিক বিপদসমূহে নিৰাপত্তা ব্যৱস্থাত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। নতুন দিল্লীত আজি আভ্যন্তৰীণ সুৰক্ষাৰ বাবে উন্নত প্রযুক্তি শীর্ষক এখন আলোচনা চক্ৰত অংশ লৈ দিয়া ভাষণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে আভ্যন্তৰীণ আৰু বাহ্যিক সুৰক্ষাৰ মাজত সামঞ্জস্য নোহোৱাৰ বাবে বৰ্তমান সমগ্ৰ বিশ্বতে নিৰাপত্তা পৰিস্থিতি যথেষ্ট কঠিন হৈ পৰিছে। বিদ্ৰোহী সংগঠন, বাওঁপন্থী উগ্ৰবাদ আৰু সন্ত্ৰাসবাদী সমস্যাৰে জৰ্জৰিত অঞ্চলসমূহৰ নিজৰ বহু সমস...