June 26, 2025 10:48 AM

views 19

ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি চীনৰ কুইংডাওত ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী কালি সন্ধিয়া চীনত উপস্থিত হয়। এই দুদিনীয়া বৈঠকত ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা, সন্ত্ৰাসবাদ প্রতিহত কৰাৰ প্ৰচেষ্টা আৰু প্ৰতিৰক্ষা মন্ত্ৰ্যালয়সমূহৰ মাজত সহযোগিতা বৃদ্ধিকে ধৰি ভালেমান গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ আশা কৰা হৈছে। শ্রীসিঙে বৈঠকত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষাৰ প্ৰচাৰৰ ক...

June 23, 2025 8:32 PM

views 19

দিল্লীত ৰাষ্ট্ৰপতি মুৰ্মুৰ ভাষণৰ দ্বিতীয়টো সংকলন ৱিংজ টু আৱাৰ হোপছ্ নামৰ গ্ৰন্থখন মুকলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণৰ দ্বিতীয়টো সংকলন ৱিংজ টু আৱাৰ হোপছ্ নামৰ গ্ৰন্থখন মুকলি কৰে। উল্লেখযোগ্য যে এইটো সংকলনত ২০২৩ চনৰ আগষ্ট মাহৰ পৰা ২০২৪ চনৰ জুলাই মাহলৈকে বিভিন্ন অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰদান কৰা ভাষণসমূহক লিপিবদ্ধ কৰি গ্ৰন্থৰ ৰূপ দিয়া হৈছে। আজিৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানো উপস্থিত থাকে। গ্ৰন্থখন মুকলি কৰি প্ৰতিৰক্ষা ...

June 11, 2025 7:21 PM

views 32

চৰকাৰে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰিছেঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে চৰকাৰে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰিছে। উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সন্ত্ৰাসবাদ শীৰ্ষক এটা অনুষ্ঠানত ভাগ লৈ শ্ৰীসিঙে কয়, যে সেই সময়লৈ প্ৰতিৰক্ষা খণ্ডত দেশৰ ৰপ্তানি ৫০ হাজাৰ কোটি টকা হ'বগৈ। তেওঁ কয়, যে দেশৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন ২০১৪ চনৰ ৪০ হাজাৰ কোটিৰ বিপৰীতে বর্তমান এক লাখ ৩০ হাজাৰ কোটি অতিক্ৰম কৰিছে। চৰকাৰে এই বছৰত এক লাখ ৭৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ ক...

May 5, 2025 8:33 PM

views 12

জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল নাকাটানিৰ সৈতে নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দ্বিপাক্ষিক বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল নাকাটানিৰ সৈতে নতুন দিল্লীত দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োখন দেশে সন্ত্রাসবাদক গৰিহণা দিয়াৰ লগতে ভাৰত জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ দিশসমূহ আলোচনা কৰে। ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সম্পৰ্ক সূদৃঢ় কৰাৰ লগতে আঞ্চলিক শান্তিৰ বাবে দুয়োখন দেশে প্রতিশ্রুতিবদ্ধ হয়। দুয়োগৰাকী নেতাই ভাৰত আৰু জাপানৰ মাজৰ সামুদ্রিক সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে নতুন মাত্রা সংযোজন কৰিবলৈ সন্মত হয়। আৰম্ভণি...

May 5, 2025 1:05 PM

views 15

জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেন নাকাটানিৰ সৈতে আজি ৰাজনাথ সিঙৰ দ্বিপাক্ষিক বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেন নাকাটানিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্রকাশ এটা বিবৃতি মতে এই বৈঠকত দুয়োগৰাকী নেতাই আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত নিজৰ মত আৰু ধাৰণাৰ বিনিময় কৰাৰ লগতে দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত আলোচনা কৰিব। উল্লেখযোগ্য যে, ভাৰত আৰু জাপানৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বৰ সম্বন্ধ অক্ষুন্ন আছে। দুয়োখন দেশৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰতিৰক্ষা আৰু নিৰাপত্তা বিষয় দুটা গুৰুত্বপ...

April 28, 2025 12:39 PM

views 24

সামৰিক প্ৰস্তুতিৰ সন্দৰ্ভত অনিল চৌহানৰ সৈতে ৰাজনাথ সিঙৰ বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি দিল্লীৰ তেওঁৰ বাসগৃত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত সামৰিক প্ৰস্তুতিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যে চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানৰ সৈতে এখন বৈঠকত মিলিত হয়। প্রায় ৪০ মিনিটজোৰা চলা এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক শ্রীচৌহানে সেনাৰ ৰণনীতি আৰু প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে। সীমান্ত সুৰক্ষা বাহিনী বিষয়াসকলেও কালি এই বৈঠকত উপস্থিত থাকি প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰে। সীমান্ত সুৰক্ষা বাহিনী...

April 23, 2025 8:50 PM

views 1

পেহেলগাম আক্ৰমণৰ সৈতে প্ৰত্যক্ষভাৱে জগৰীয়াসকলৰ বিৰুদ্ধেই নহয়, ইয়াৰ আঁৰত থাকি কাম কৰাসকলৰ বিৰুদ্ধেও ভাৰতে শীঘ্ৰেই নির্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবঃ ৰাজনাথ সিঙ

জম্মু-কাশ্মীৰৰ পেহেলগামৰ পৰ্যটকৰ ৰম্যভূমি বেইচ্‌ণত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬গৰাকী পৰ্যটক নিহত হোৱা ঘটনা সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ প্ৰধানমন্ত্রী বাসভৱনত বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। এই ঘটনাৰ তদন্ত কৰা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা - এন আই এয়ে ইতিমধ্যে পেহেলগাম আক্ৰমণৰ সৈতে জড়িত তিনিজন পাকিস্তানী সন্ত্রাসবাদী - আছিফ ফৌজী ওৰফে মুছা, চুলেমান শ্বাহ ওৰফে ইউনুছ আৰু আবু তালহা ওৰফে আছিফৰ ৰেখাচিত্ৰ প্ৰকাশ কৰিছে। ইপিনে, এই সন্ত্...

April 23, 2025 8:37 PM

views 26

পেহেলগামৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত লোকসকলক উচিত প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ সুৰুঙা ৰখা নহ’বঃ প্ৰতিৰক্ষা মন্ত্ৰী

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীল নীতিক দোহাৰিছে। তেওঁ কয়, যে পেহেলগামৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত লোকসকলক উচিত প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ সুৰুঙা ৰখা নহ'ব। নতুন দিল্লীত ভাৰতীয় বায়ু সেনাই আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কালিৰ আক্ৰমণৰ প্ৰতিআক্ৰমণ কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ লোৱা হ'ব। পেহেলগামৰ বৰ্বৰ আক্ৰমণৰ ঘটনাক গৰিহণা দি শ্রীসিঙে শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে।

April 17, 2025 8:12 PM

views 17

নতুন দিল্লীত হোৱা প্ৰতিৰক্ষা সন্মিলনত মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ

প্ৰতিৰক্ষা ৰাজনাথ সিঙে কয়, যে চৰকাৰে প্ৰতিৰক্ষা বাজেটৰ ৭৫ শতাংশ ঘৰুৱা কোম্পানীসমূহৰ পৰা ক্ৰয় কৰিবলৈ সংৰক্ষিত কৰিছে। নতুন দিল্লীত আজি প্ৰতিৰক্ষা সন্মিলনত ভাষণ দি শ্রীসিঙে কয়, যে দেশত প্ৰতিৰক্ষা উৎপাদন ২০১৪ চনৰ ৪০ হাজাৰ কোটি টকাৰ পৰা বৃদ্ধি হৈ বৰ্তমান ১ লাখ ২৭ হাজাৰ কোটি টকাৰো অধিক হৈছে। তেওঁ কয়, যে ২০২৯ চনলৈ ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰতিৰক্ষা খণ্ডৰ নৱীকৰণ আৰু সুদৃঢ়কৰণ চ...

March 17, 2025 7:54 PM

views 19

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা বিভাগৰ সঞ্চালক তুলচী গাববাদৰ সৈতে ৰাজনাথ সিঙৰ বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা বিভাগৰ সঞ্চালক তুলচী গাববাদৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে দুয়োখন দেশৰ মাজত থকা সামগ্রিক আন্তঃৰাষ্ট্ৰীয় কৌশলগত সহযোগিতাৰ বাবে কৌশলগত সুৰক্ষা অন্যতম গুৰুত্বপূৰ্ণ কাৰক বুলি মত প্ৰকাশ কৰে। বৈঠকত তেওঁলোকে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সামৰিক অনুশীলন, কৌশলগত সহযোগিতা আৰু বিশেষকৈ সামুদ্রিক প্রেক্ষাপটত তথ্য আদান প্রদান সহযোগিতা সন্দৰ্ভত পর্যালোচনা কৰে। পাৰস্পৰিক কৌশলগত স্বার্থসমূহক আগুৱা...