November 11, 2025 6:23 PM November 11, 2025 6:23 PM
22
দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ’ব আৰু কঠোৰ শাস্তি বিহা হ’বঃ ৰাজনাথ সিঙ
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ'ব আৰু কঠোৰ শাস্তি বিহা হ'ব। নতুন দিল্লীত আজি দিল্লী প্ৰতিৰক্ষা আলোচনাত ভাষণ দি শ্ৰী সিঙে কয়, যে আগশাৰীৰ তদন্ত সংস্থাসমূহে বিস্ফোৰণৰ ঘটনাৰ পুংখানুপুংখ অনুসন্ধান কৰি আছে। তেওঁ কয়, যে তদন্তৰ তথ্যসমূহ অতি সোনকালে ৰাজহুৱা হ'ব। মন্ত্ৰীগৰাকীয়ে কালিৰ বিস্ফোৰণৰ ঘটনাত মৃত্যু হোৱা সকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনায়। দিল্লী প্ৰতিৰক্ষা আলোচনা সন্দৰ্ভত শ্রী সিঙে কয়, যে প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আহি পৰা প্...