January 24, 2026 8:51 PM

views 43

সমগ্র বিশ্ব অনিশ্চয়তাৰ দিশত অগ্ৰসৰ হোৱাৰ সময়ত দেশৰ যুৱ প্ৰজন্ম শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে শক্তিশালী হোৱা উচিতঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, সমগ্র বিশ্ব অনিশ্চয়তাৰ দিশত অগ্ৰসৰ হোৱাৰ সময়ত দেশৰ যুৱ প্ৰজন্ম শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে শক্তিশালী হোৱা উচিত যাতে প্ৰতিটো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰা যায়। দিল্লীৰ সেনবাহিনীৰ চাউনিত আজি ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ শিবিৰত কেডেটসকলক সম্বোধন কৰি তেওঁ কয়, যে অপাৰেচন সিন্দূৰৰ সময়ত সমগ্ৰ দেশতে আয়োজন কৰা জনজাগৰণ কাৰ্যসূচীত এন চি চি কেডেটসকলে সাহসিকতা আৰু সমৰ্পণেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ এই অভিযানৰ সময়ত নিৰাপত্তা বাহিনীসমূহৰ পাছতে এন চি...

January 9, 2026 8:14 PM

views 12

লক্ষ্ণৌৰ সৰোজনী নগৰত বৈদ্যুতিক বাহনৰ কাৰখানা মুকলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উৎপাদনৰ দিশৰ পৰা দেশৰ প্ৰতিৰক্ষা খণ্ড আত্মনিৰ্ভৰশীল হোৱাৰ দিশে অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ সৰোজনী নগৰ অঞ্চলত ই ভি অৰ্থাৎ‍ বৈদ্যুতিক বাহনৰ কাৰখানা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কেন্দ্ৰীয় মন্ত্ৰী এইছ ডি কুমাৰাস্বামী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো এই অনুষ্ঠানত উপস্থিত থাকে। এই উপলক্ষে দিয়া ভাষণত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বহু নিয়ম সৰলীকৃত কৰাৰ লগতে বিনিয়োগকাৰী আৰু ব্যৱসায়ীসকলৰ বিশ্বাস বৃদ্ধিৰ বাবে প্রয়োজনীয় ব্যৱস...

December 8, 2025 12:11 PM

views 20

দেশৰ মুঠ প্ৰতিৰক্ষা উৎপাদন বৰ্তমান ১.৫১ লাখ কোটি টকালৈ বৃদ্ধি হৈছে বুলি ৰাজনাথ সিঙৰ প্রকাশ

দেশৰ মুঠ প্ৰতিৰক্ষা উৎপাদন ২০১৪ চনৰ ৪৬ হাজাৰ কোটি টকাৰ পৰা বৰ্তমান ১ দশমিক ৫১ লাখ কোটি টকালৈ বৃদ্ধি হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্রকাশ কৰিছে। তেওঁ কয়, যে প্ৰতিৰক্ষা খণ্ডত এসময়ত আমদানিৰ ওপৰত নিৰ্ভৰশীল দেশখনে এতিয়া থলুৱাভাবে নির্মিত প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানী কৰাৰ সামৰ্থ আহৰণ কৰিছে। বিগত দশকত কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা বহনক্ষণ প্ৰয়াসৰ বাবে এয়া সম্ভব হৈছে বুলি শ্রীসিঙে মন্তব্য কৰে।

November 24, 2025 9:03 PM

views 26

শ্ৰীমদ্ভাগৱত গীতাৰ সাৰমৰ্মই কেৱল দেশৰ নাগৰিকসকলকে সামৰি লোৱা নাই বৰঞ্চ সমগ্ৰ পৃথিৱীতে মানৱীয়তাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছেঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে শ্ৰীমদ্ভাগৱত গীতাৰ সাৰমৰ্মই কেৱল দেশৰ নাগৰিকসকলকে সামৰি লোৱা নাই বৰঞ্চ সমগ্ৰ পৃথিৱীতে মানৱীয়তাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছে। কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত আয়োজিত আন্তঃৰাষ্ট্ৰীয় গীতা সন্মিলনত ভাষণ দি তেওঁ কয় যে শ্রীমদ্ভাগৱত গীতাৰ নীতি-আদৰ্শই ভাৰতৰ প্ৰতিটো প্ৰজন্মক প্ৰভাৱিত কৰি আহিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ৫ হাজাৰ বছৰ পূৰ্বৰ এই মহান গ্ৰন্থখনৰ শিকনিসমূহে মানৱীয়তাৰ উত্তৰণ ঘটাবলৈ সমৰ্থ হৈছে। স্বামী জ্ঞানানন্দজী মহাৰাজ, হাৰিয়ানাৰ প...

November 11, 2025 6:23 PM

views 35

দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ’ব আৰু কঠোৰ শাস্তি বিহা হ’বঃ ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ'ব আৰু কঠোৰ শাস্তি বিহা হ'ব। নতুন দিল্লীত আজি দিল্লী প্ৰতিৰক্ষা আলোচনাত ভাষণ দি শ্ৰী সিঙে কয়, যে আগশাৰীৰ তদন্ত সংস্থাসমূহে বিস্ফোৰণৰ ঘটনাৰ পুংখানুপুংখ অনুসন্ধান কৰি আছে। তেওঁ কয়, যে তদন্তৰ তথ্যসমূহ অতি সোনকালে ৰাজহুৱা হ'ব। মন্ত্ৰীগৰাকীয়ে কালিৰ বিস্ফোৰণৰ ঘটনাত মৃত্যু হোৱা সকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনায়। দিল্লী প্ৰতিৰক্ষা আলোচনা সন্দৰ্ভত শ্রী সিঙে কয়, যে প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আহি পৰা প্...

November 10, 2025 8:00 PM

views 23

২০২৪-২৫ বৰ্ষত দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ পৰিমাণ প্রায় এক লাখ ৫১ হাজাৰ কোটি টকা হৈছেঃ ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কৈছে যে ২০২৪-২৫ বৰ্ষত দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ পৰিমাণ প্রায় এক লাখ ৫১ হাজাৰ কোটি টকা হৈছে। ইয়াৰে প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ অধীনত ৭১.৬ শতাংশ অৱদান আগবঢ়াইছে। মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীৰ বিশ্ব বাণিজ্য কেন্দ্ৰত প্ৰতিৰক্ষা ৰাজহুৱা খণ্ড ভৱনৰ থলুৱাভাৱে বিকশাই তোলা ব্যৱস্থা উদ্বোধন কৰি এই কথা উল্লেখ কৰে। তেওঁ প্ৰতিৰক্ষা ৰপ্তানীৰ পৰিমাণ ৬,৬৯৫ কোটি টকা হৈছে বুলি উল্লেখ কৰি কয় যে ভাৰতৰ থলুৱাভাৱে বিকশাই তোলা ব্যৱস্থাক বিশ্বই আস্থা প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে, এই কথাই...

November 6, 2025 3:08 PM

views 50

লাচিত ঘাটত ৯৩ সংখ্যক বায়ু সেনা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ উপস্থিত থাকিব

■ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৱাহাটীৰ লাচিত ঘাটত অহা দেওবাৰে হ'বলগীয়া ৯৩ সংখ্যক বায়ু সেনা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে সেইদিনা দুপৰীয়া চাৰে ১২ বজাৰ পৰা দিনৰ দুই বজালৈ এয়াৰ শ্ব প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত এই এয়াৰ শ্ব'ত ৰাফেল, মিগ, ছুখয় আদিৰ দৰে ৭৫ খন বিমানে ভাগ ল'ব। বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বৃদ্ধা শ্ৰমৰ আবাসীসকলক অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ নতুন পাৰ্কৰ পৰা ইচ্ছ্যুক ব্যক্তিসকলে ...

October 31, 2025 8:08 PM

views 28

দুদিনীয়া মালয়েছিয়া ভ্রমণসূচীৰে ৰাজনাথ সিং কালি কোৱালালামপুৰত উপস্থিত

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং দুদিনীয়া মালয়েছিয়া ভ্রমণসূচীৰে কালি কোৱালালামপুৰত উপস্থিত হয়। শ্রীসিঙে কাইলৈ আছিয়ান আৰু সহযোগী ৰাষ্ট্ৰসমূহৰ প্ৰতিৰক্ষা মন্ত্রীসকলৰ দ্বাদশ বৈঠক এ ডি এম এম প্লাছত অংশগ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীসিঙে কয় যে তেওঁ আজি আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্রী পিটে হেগছেথৰ সৈতে বৈঠক মিলিত হয়। বৈঠকত দুয়ো পক্ষই প্ৰতিৰক্ষা ক্ষেত্ৰত থকা সহযোগিতা অধিক শক্তিশালী কৰিবলৈ দৃঢ়প্রতিজ্ঞ হয়। শ্রীসিঙে কয় যে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলক মুক্ত আৰু শৃংখলিত কৰি গঢ়ি তুলিবলৈ এই অংশীদাৰিত...

October 24, 2025 9:16 PM

views 31

ৰাজস্থানৰ জয়ছলমেৰৰ সেনা কমাণ্ডাৰসকলৰ সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ৰাজস্থানৰ জয়ছলমেৰৰ সেনা কমাণ্ডাৰসকলৰ সন্মিলনত অধ্যক্ষতা কৰে। সেনা কমাণ্ডাৰসকলৰ সন্মিলন সেনাবাহিনীৰ জ্যেষ্ঠ নেতৃত্বৰ বাবে সুৰক্ষা পৰিস্থিতিৰ মূল্যায়ন, পৰিচালন অগ্ৰাধিকাৰ সম্পৰ্কে আলোচনা কৰা আৰু গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত গ্ৰহণৰ এখন উচ্চ পৰ্যায়ৰ প্রতিষ্ঠানগত মঞ্চ। সন্মিলনত প্ৰতিৰক্ষাগৰাকীয়ে চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানৰ সৈতে দেশৰ সাম্প্ৰতিক সুৰক্ষা পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু সেনাবাহিনীৰ অভিযান সম্পৰ্কীয় সামর্থ্য বৃদ্ধিৰ কৌশলৰ বিষয়ে আলোচনা ক...

October 23, 2025 12:16 PM

views 34

অপাৰেচন সিন্দুৰ দেশৰ জল, স্থল আৰু বায়ু এই তিনিওটা সেৱাৰ মাজৰ অসাধাৰণ সহযোগিতা আৰু একত্ৰীকৰণৰ সাক্ষী- ৰাজনাথ সিঙ

অপাৰেচন সিন্দুৰে দেশৰ জল, স্থল আৰু বায়ু এই তিনিওটা সেৱাৰ মাজৰ অসাধাৰণ সহযোগিতা আৰু একত্ৰীকৰণৰ সাক্ষী হৈছিল বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ কৰে। পৰিৱৰ্তিত বিশ্ব ব্যৱস্থা আৰু যুদ্ধৰ বিকশিত পদ্ধতিৰপৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সমন্বিত আৰু প্ৰতিৰক্ষা কৌশল উদ্ভাৱন কৰাৰ চৰকাৰৰ সংকল্পকো অপাৰেচন সিন্দুৰে পুনৰ দৃঢ় কৰিছে। civil military fusion as a metric of national power and comprehensive security শীর্ষক লেফটেনেন্ট জেনেৰেল ৰাজ শুক্লাৰ দ্বাৰা ৰচিত গ্ৰন্থখনৰ উন্মোচনী অন...