May 11, 2025 7:00 PM May 11, 2025 7:00 PM

views 8

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱসত বিজ্ঞানী, অভিযন্তা আৰু প্ৰযুক্তিবিদসকলক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অভিবাদন

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস উপলক্ষে আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে নতুন প্রযুক্তিৰ বিকাশেৰে দেশবাসীৰ জীৱন যাপন প্ৰণালীৰ যোগাত্মক পৰিবৰ্তন সাধন কৰা বিজ্ঞানী, অভিযন্তা আৰু প্ৰযুক্তিবিদসকলক দেশে অভিবাদন জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীসিঙে কয় যে দেশে এই মুহুৰ্তত ১৯৯৮ চনৰ পোখৰানৰ সফল পৰীক্ষণৰ লগত জড়িত বিজ্ঞানীসকলক স্মৰণ কৰিছে। ভাৰতৰ ইতিহাসত সেই ঘটনা অত্যন্ত স্মৰণীয় বুলিও তেওঁ উল্লেখ কৰে।

May 5, 2025 8:33 PM May 5, 2025 8:33 PM

views 2

জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল নাকাটানিৰ সৈতে নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দ্বিপাক্ষিক বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল নাকাটানিৰ সৈতে নতুন দিল্লীত দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োখন দেশে সন্ত্রাসবাদক গৰিহণা দিয়াৰ লগতে ভাৰত জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ দিশসমূহ আলোচনা কৰে। ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সম্পৰ্ক সূদৃঢ় কৰাৰ লগতে আঞ্চলিক শান্তিৰ বাবে দুয়োখন দেশে প্রতিশ্রুতিবদ্ধ হয়। দুয়োগৰাকী নেতাই ভাৰত আৰু জাপানৰ মাজৰ সামুদ্রিক সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে নতুন মাত্রা সংযোজন কৰিবলৈ সন্মত হয়। আৰম্ভণি...

December 13, 2024 5:21 PM December 13, 2024 5:21 PM

views 10

ভাৰতীয় সংবিধান হৈছে দেশৰ সভ্যতা আৰু মূল্যবোধৰ প্ৰকাশঃ ৰাজনাথ সিং

লোকসভাত আজি ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰাক লৈ এটা বিশেষ আলোচনা অনুষ্ঠিত হয়। আলোচনাত আগভাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে ভাৰতীয় সংবিধানে সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনৰ সকলো দিশকে স্পৰ্শ কৰি জাতি গঠনৰ প্ৰক্ৰিয়াৰ প্ৰশস্ত কৰি তুলিছে। তেওঁ কয়, যে এই সংবিধান হৈছে দেশৰ সভ্যতা আৰু মূল্যবোধৰ প্ৰকাশ। মন্ত্ৰীগৰাকীয়ে কয়, যে ৭৫ বছৰ পূৰ্বে সংবিধান সভাই ন-কৈ স্বাধীন হোৱা ভাৰতৰ বাবে এখন সংবিধান প্ৰস্তুতৰ বাবে প্ৰক্ৰিয়া চলাইছিল। ৩ বছৰীয়া বিতৰ্ক আৰু বিবেচনাৰ পাছ...

December 7, 2024 8:47 PM December 7, 2024 8:47 PM

views 11

৩দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়াত উপস্থিত হ’ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়াত উপস্থিত হ'ব। এই ভ্ৰমণকালত তেওঁ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলোছ'ভৰ সৈতে মস্কোত যুটীয়াভাৱে সামৰিক আৰু সামৰিক প্ৰযুক্তি সহযোগিতা সম্বন্ধীয় ২১ সংখ্যক ভাৰত-ৰাছিয়া আন্তঃচৰকাৰ আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। মন্ত্ৰী দুগৰাকীয়ে সামৰিক আৰু ঔদ্যোগিক সহযোগিতাৰ ক্ষেত্ৰত দেশ দুখনৰ মাজত থকা বহুমুখী সম্পৰ্কৰ পৰ্যালোচনা কৰিব। পাৰস্পৰিক স্বার্থজড়িত সমসাময়িক আঞ্চলিক আৰু বিশ্বত চলি থকা বিষয়সমূহৰ সন্দৰ্ভতো আলোচনা কৰিব। ভ্রমণসূচ...

October 5, 2024 1:21 PM October 5, 2024 1:21 PM

views 6

চৰকাৰ দেশক গোলকীয় নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে প্ৰতিৰক্ষা উদ্যোগক ৰপ্তানিমুখী কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, চৰকাৰ দেশক গোলকীয় নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে প্ৰতিৰক্ষা উদ্যোগক ৰপ্তানিমুখী কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। নতুন দিল্লীত ভাৰতীয় প্ৰতিৰক্ষা নিৰ্মাণ সংস্থাসমূহৰ সমাজ - এছ আই ডি এমৰ সপ্তম বার্ষিক সাধাৰণ সভাত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, ২০২৩-২৪ বৰ্ষত ঘৰুৱা প্ৰতিৰক্ষা উৎপাদনে ১ লাখ ২৭ হাজাৰ কোটি টকাৰ অভিলেখ সংখ্যক পৰিমাণ অতিক্ৰম কৰিছে। মন্ত্ৰীগৰাকীয়ে কৃত্রিম বুদ্ধিমত্তা, চাইবাৰ প্ৰতিৰক্ষা তথা স্বাধীন সংস্থাসমূহৰ লগতে শেহতীয়া প্ৰযুক্ত...

September 12, 2024 3:07 PM September 12, 2024 3:07 PM

views 11

যোধপুৰ বায়ুসেনা কেন্দ্ৰত চলি থকা তৰংগ শক্তিৰ দ্বিতীয় পৰ্যায়ৰ অনুশীলন কার্যসূচীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোধপুৰ বায়ুসেনা কেন্দ্ৰত চলি থকা তৰংগ শক্তিৰ দ্বিতীয় পৰ্যায়ৰ অনুশীলন কার্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে এই অনুশীলনৰ উদ্দেশ্য হৈছে – দেশৰ সামৰিক সামর্থ্যৰ প্ৰদৰ্শন আৰু অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰা। দেশৰ ক্ৰমবৰ্ধমান সামৰিক শক্তিৰ কথা উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বে ভাৰতে প্ৰতিৰক্ষা সঁজুলি আমদানি কৰিছিল যদিও এতিয়া প্ৰতিৰক্ষা সামগ্রী বিশ্বৰ ৯০ খন দেশলৈ ৰপ্তানি কৰিব পৰা হৈছে। তেওঁ কয় যে দেশৰ প্ৰয়োজন...

September 3, 2024 7:58 PM September 3, 2024 7:58 PM

views 9

প্ৰতিৰক্ষা প্ৰস্তুতি সুদৃঢ় কৰাৰ উদ্দেশ্যে ১ লাখ ৪৫ হাজাৰ কোটি টকাৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদন

চৰকাৰে দেশৰ প্ৰতিৰক্ষা প্ৰস্তুতি সুদৃঢ় কৰাৰ উদ্দেশ্যে ১ লাখ ৪৫ হাজাৰ কোটি টকাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাৰ প্ৰতিৰক্ষা ক্ৰয় পৰিষদে ১০ টা মূলধনী ক্রয় প্ৰস্তাৱত অনুমোদন দিছে। পৰিষদে ভৱিষ্যতৰ যুদ্ধবাহন, বায়ু প্ৰতিৰক্ষা জুই নিয়ন্ত্ৰণ ৰাডাৰ, ডৰ্ণিয়াৰ-228 শ্ৰেণীৰ বিমান, ভৱিষ্যত প্ৰজন্মৰ ক্ষীপ্ৰ তহলদাৰী আৰু উপকূলীয় তহলদাৰী জাহাজ ক্ৰয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

June 13, 2024 4:21 PM June 13, 2024 4:21 PM

views 11

দেশৰ প্ৰতিৰক্ষা আমদানি অহা ৫ বছৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্যঃ ৰাজনাথ সিং

কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা আমদানি অহা ৫ বছৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰী সিঙে কয় যে ভাৰতে ইতিমধ্যে ২১ হাজাৰ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰতিৰক্ষা সা-সামগ্রী আমদানি কৰিছে। ইয়াক এক অভিলেখ বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে এখন শক্তিশালী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লগতে দেশৰ সুৰক্ষা তথা নিৰাপত্তা বাহিনীসমূহৰ কল্যাণ সাধনেই হৈছে কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰা...

May 10, 2024 12:06 PM May 10, 2024 12:06 PM

views 12

বিজেপিয়ে সমৃদ্ধিশালী, জ্ঞান-বিজ্ঞান আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিব পৰা ভাৰত গঢ়ি তুলিব বিচাৰেঃ ৰাজনাথ সিং

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি কয় যে, বিজেপিয়ে সমৃদ্ধিশালী তথা জ্ঞান, বিজ্ঞান আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত গোটেই বিশ্বক নেতৃত্ব প্ৰদান কৰিব পৰা ভাৰত গঢ়ি তুলিব বিচাৰে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ সংসদীয় সমষ্টিৰ বিজেপি প্রার্থী শ্রীসিঙে কয় যে, কথা আৰু কামৰ মাজৰ প্ৰভেদৰ বাবেই ৰাজনৈতিক নেতাসকলৰ প্ৰতি স্বতন্ত্ৰ ভাৰতত আস্থাৰ সংকট উদ্ভৱ হৈছে। লক্ষ্ণৌৰ বৰ্তমানৰ সাংসদগৰাকীয়ে লগতে কয় যে, জনসাধাৰণৰ মাজত দায়িত্ববোধ গঢ়ি উঠিলেহে ভাৰতত ৰাম ৰাজ্য আৰম্ভ হ'ব। নিজকে ৰাষ্ট্...