May 26, 2024 1:10 PM

views 23

গুজৰাটৰ ৰাজকোটত কালি হোৱা অগ্নিকাণ্ডত ৯ টি শিশুসহ ২৬ জন লোকৰ প্রাণহানি

গুজৰাটৰ ৰাজকোট চহৰৰ নানা মাভা পথত অৱস্থিত টি আৰ পি গেম জ'নত কালি সন্ধিয়া সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ২৬ জন লোকে প্রাণ হেৰুৱাইছে। মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৯টি শিশুও আছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলিত অগ্নিনির্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নির্বাপনৰ চেষ্টা চলায়। জানিব পৰা মতে টি আৰ পি গেমজ'ন হৈছে গুজৰাটৰ সৌৰাষ্ট্ৰ অঞ্চলৰ আটাইতকৈ ডাঙৰ গেম জ'ন। এই অগ্নিকাণ্ড ঘটনাৰ তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে। ৰাজকোটৰ আৰক্ষী আয়ুক্ত ৰাজু ভাৰ্গৱে জনোৱা মতে, এই ঘটনাৰ পিছতে ৰাজকোটৰ ...