June 17, 2025 12:37 PM June 17, 2025 12:37 PM
6
ছিউল ৱৰ্ল্ড এক্সপ’-২০২৫লৈ বিশিষ্ট কবি, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন কেন্দ্ৰ সঞ্চালক ৰাজীৱ বৰুৱা আমন্ত্ৰিত
ছ'চাইটী অৱ কোৰিয়ান পয়েটছে আয়োজন কৰা ছিউল ৱৰ্ল্ড এক্সপ’-২০২৫ লৈ বিশিষ্ট কবি, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন কেন্দ্ৰ সঞ্চালক ৰাজীৱ বৰুৱা আমন্ত্ৰিত হৈছে। অহা ২৯ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ ছিউলৰ কনকুক বিশ্ববিদ্যালয়ত কবিতা আৰু সাহিত্যৰ এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ অনুষ্ঠিত হ'ব। মানৱতা আৰু শান্তি শীর্ষক কেন্দ্ৰীয় বিষয় লৈ আয়োজন কৰা মহোৎসৱৰ এই বৰ্ষত কবি ৰাজীৱ বৰুৱাই কবিতা পাঠৰ লগতে বক্তৃতাও দিব। কেইবাটাও অসমীয়া কবিতা সংকলনেৰে অসমীয়া কাব্য সাহিত্যক চহকী কৰা ৰাজীৱ বৰুৱা ছিউল ৱৰ্ল্ড এক্সপ'লৈ আমন্ত...