April 10, 2025 10:11 AM
10
চীনত অনুষ্ঠিত এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ পি ভি সিন্ধু, প্রিয়াংশু ৰাজাৱট, কিৰণ জর্জ
ভাৰতৰ পি ভি সিন্ধু, প্রিয়াংশু ৰাজাৱট আৰু কিৰণ জর্জে চীনৰ নিংবোত অনুষ্ঠিত এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অলিম্পিকত দুবাৰকৈ পদক বিজেতা সিন্ধু আজি পুৱা হ'বলগীয়া মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সিন্ধুই কালি প্ৰথম ৰাউণ্ডৰ এখন খেলত ইণ্ডোনেছিয়াৰ এষ্টৰ নুৰমি ট্রাই ৱাৰ্ডয়োক ২১-১৫, ২১–১৯ গেমত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কিৰণ জৰ্জ আজি থাইলেণ্ডৰ কুনলাভূট ভিটিডছাৰ্ণৰ সন্মুখীন হ'ব। ...