July 28, 2025 10:59 AM

views 14

এনচিবিয়ে ৰাজস্থান আৰু মহাৰাষ্ট্ৰ আৰক্ষীৰ যৌথ অভিযানত ৰাজস্থানৰ বাৰ্মেৰ জিলাত আন্তঃৰাজ্যিক ড্ৰাগছ উৎপাদনকাৰী চক্ৰ উৎখাত

মাদক দ্রব্য নিয়ন্ত্রণ ব্যুৰ' এনচিবিয়ে ৰাজস্থান আৰু মহাৰাষ্ট্ৰ আৰক্ষীৰ সৈতে চলোৱা যৌথ অভিযানত কালি ৰাজস্থানৰ বাৰ্মেৰ জিলাৰ ঢোলাকিয়া গাঁৱত এটা আন্তঃৰাজ্যিক ড্ৰাগছ উৎপাদনকাৰী চক্ৰ উৎখাত কৰা হয়। অভিযানত চিণ্ডিকেট চক্ৰটোৰে জড়িত দুজনক কৰায়ত্ত কৰা হৈছে। এনচিবিৰ এটা সূত্ৰই জনোৱা মতে, অভিযানৰ সময়ত দলটোৱে ড্ৰাগছ উৎপাদনত ব্যৱহৃত বিভিন্ন সঁজুলিৰ লগতে ক্ল'ৰ'ফৰ্ম, এমোনিয়াম ক্লাইড, প্রপাইলিন ক্লৰাইড, টলুইন আৰু ব্ৰ'মিনৰ দৰে ৰাসায়নিক দ্রব্য উদ্ধাৰ কৰে।