July 25, 2025 8:40 PM July 25, 2025 8:40 PM

views 3

ৰাজস্থানত চৰকাৰী উচ্চ প্রাথমিক বিদ্যালয়ৰ চাদৰ একাংশ খহি পৰাত ৭ জন ছাত্ৰ-ছাত্ৰী নিহত, ২০ৰো অধিক আহত

ৰাজস্থানৰ ঝালাৱৰ জিলাৰ মনোহৰ থানা বিধানসভা সমষ্টিৰ অন্তৰ্গত পিপল'ডি গাঁৱৰ এখন চৰকাৰী উচ্চ প্রাথমিক বিদ্যালয়ৰ চাদৰ একাংশ খহি পৰাৰ ফলত ৭ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ২০ জনৰো অধিক আহত হয়। এই দুৰ্ঘটনাৰ পাছতে গাঁওবাসীয়ে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলায় আৰু আঘাতপ্রাপ্ত ছাত্র-ছাত্ৰীসকলক চিকিৎসালয়ত ভৰ্তি কৰায়। ঝালাৱৰৰ আৰক্ষী অধীক্ষক অমিত কুমাৰে আকাশবাণীৰ সংবাদদাতাক জনোৱা মতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ১২ জনক ঝালাৱৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । এই দুৰ্ঘটনাত হতাহত হোৱা ছাত্ৰ-ছাত্ৰীসক...