January 5, 2025 11:15 AM January 5, 2025 11:15 AM
8
ৰাজ্যৰ ৬২ শতাংশতকৈও অধিক হিতাধিকাৰীৰ ৰেচন কাৰ্ডৰ সুবিধা লাভ
ৰাজ্য চৰকাৰৰ উদ্যোগত চলি থকা এই মাহৰ অন্ন সেৱা দিন অভিযানৰ কালি চতুর্থ দিনালৈকে সমগ্র ৰাজ্যৰ ৬২ শতাংশতকৈও অধিক হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিছে। ৬৬ শতাংশতকৈও অধিক লোকৰ মাজত বিনামূলীয়া খাদ্য বিতৰণ কৰা হৈছে। ৰাজ্য চৰকাৰ প্ৰতিজন নাগৰিকৰ খাদ্য আৰু পুৰিপুষ্টি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ। চৰকাৰে অহা ১০ জানুৱাৰীলৈকে অন্ন সেৱা দিন অভিযানৰ জৰিয়তে হিতাধিকাৰীসকলৰ মাজত বিনামূলীয়া খাদ্য বিতৰণ কৰিব।