September 16, 2025 6:21 PM September 16, 2025 6:21 PM
22
প্ৰবল বৰষুণৰ বাবে পার্বত্য ৰাজ্য উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ দৈনন্দিন জীৱনযাত্ৰা বিঘ্নিত
ওৰে নিশা হোৱা প্ৰবল বৰষুণে পার্বত্য ৰাজ্য উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ দৈনন্দিন জীৱনযাত্ৰা বিঘ্নিত কৰিছে। ডেৰাডুনত প্রায় ১০০ লোকক প্রশাসনে নিৰাপদে উদ্ধাৰ কৰিছে। মহানগৰখনৰ বিভিন্ন স্থানত ধাৰাবাহিক বৰষুণৰ ফলত কেইবাটাও পথ আৰু কেইবাখনো দলঙৰ ক্ষতি হৈছে। মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে ইতিমধ্যে ক্ষতিগ্রস্ত এলেকাসমূহ পৰিদৰ্শন কৰাৰ লগতে সাহায্য অভিযানৰ পৰ্যবেক্ষণ কৰিছে। তেওঁ বিভাগীয় বিষয়া-বৰ্গক সাহায্য সামগ্ৰী, নিৰাপদ আশ্রয়, খাদ্য, খোৱাপানী আৰু স্বাস্থ্য সেৱাৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। ...