August 21, 2024 9:03 PM

views 18

অসম, মেঘালয় আৰু ত্ৰিপুৰাত পৰৱৰ্তী দুদিনলৈ ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয় আৰু ত্ৰিপুৰাত পৰৱৰ্তী দুদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে পৰৱৰ্তী ২৪ ঘণ্টাত কেৰালা আৰু লাক্ষাদ্বীপৰ ঠাই বিশেষে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। উত্তৰাখণ্ড, জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্রদেশ, উত্তৰ প্ৰদেশ, পূৱ ৰাজস্থান, পাঞ্জাৱ, হাৰিয়ানা আৰু দিল্লীতো এই সপ্তাহত বৰষুণ হ'ব পাৰে। একেদৰে মধ্য প্ৰদেশ, কোংকন, গোৱা আৰু গুজৰাটত পৰৱৰ্তী ৭ দিনত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।