May 11, 2025 11:31 AM

views 29

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰে অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি সন্ধিয়াৰ ভাগত অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি হোৱাৰ উপৰি নগাঁও জিলাৰ আমচৈত এজন লোকৰ প্রাণহানি হয়। আমচৈৰ নকুচি বাগানত বিদ্যুৎ পৰিবাহী খুটা বাগৰি পৰাৰ ফলত ৰাজেশ্বৰ তাঁতী নামৰ লোকজনৰ মৃত্যু হয়। মৰিগাঁও জিলাব শোলমাৰীত ধুমুহাত গছৰ ডাল ভাগি পৰাব ফলত এজন লোক গুৰুত্বৰভাৱে আহত হয়। গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰ আৰু ডিমৰীয়াৰ কেইবাটাও অঞ্চলত কালি ধুমুহাই ক্ষতি কৰে। ক্ষেত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাঠাইতো পথৰ কাষৰ গছ বাগৰি পৰাৰ ফলত ভালেমান সময়ধৰি পথ যোগাযোগ ...

May 20, 2024 8:38 PM

views 27

ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা-বৰষুণ, বজ্ৰপাতত কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ লগতে ৰাজহুৱা সম্পত্তিৰ বিস্তৰ ক্ষতি

ৰাজ্যৰ ভিন্ন প্ৰান্তত যোৱানিশা হোৱা ধুমুহা, বৰষুণ আৰু বজ্ৰপাতত কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ লগতে ব্যৱসায়িক প্রতিষ্ঠান আৰু ৰাজহুৱা সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে। ধুমুহাৰ ফলত ঠায়ে ঠায়ে প্ৰকাণ্ড গছ বাগৰি পৰাত বিদ্যুৎ সেৱা আৰু যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। নলবাৰীৰ মুগকুছি এলেঙ্গীদলৰ শংকৰ আজান পুথিভঁৰালৰ বিস্তৰ ক্ষতি হয়। লগতে জিলাখনৰ খাৰজৰা আশ্ৰমৰ সন্মুখত গছ উভালি শতাধিক বাহন আবদ্ধ হৈ পৰে। বাঁহজানীৰ দৌকুছিতো কালি নিশাৰ ভাগত অহা ধুমুহাৰ ফলত গছৰ ডাল ভাঙি বিদ্যুৎ পৰিবাহী খুঁটা উভালি পৰাত বিদ্...