January 1, 2025 6:25 PM
14
দেশত আজিৰে পৰা ৰে’লৰ নতুন সময়সূচী কাৰ্যকৰী, ৪৩খন ৰে’লৰ যাত্ৰাকাল দুঘণ্টাপর্যন্ত হ্রাস
সমগ্ৰ দেশতে আজিৰে পৰা ৰে'লৰ নতুন সময়সূচী কাৰ্যকৰী হৈছে। এই নতুন সময়সূচীত উত্তৰ-পূব সীমান্ত ৰে’লৰ অধীনত চলাচল কৰা মুঠ ৪৩খন ৰে’লগাড়ীৰ বেগ দ্রুত হোৱাৰ ফলত যাত্ৰাকাল দুঘণ্টা পর্যন্ত হ্রাস পাব। যাত্রাকাল হ্ৰাস পাবলগীয়া ৰে'লগাড়ীসমূহৰ ভিতৰত নিউ তিনিচুকীয়া আৰু বাংগালুৰুৰ মাজত চলাচল কৰা ২২৫০১ নম্বৰ এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ যাত্ৰাকাল পূৰ্বৰ তুলনাত দুঘণ্টা হ্ৰাস পাব। একেদৰে ১৫০৭৭ নম্বৰৰ কামাখ্যা আৰু গোমতীনগৰৰ মাজত চলাচল কৰা এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ যাত্ৰাৰ সময় পূৰ্বৰ তুলনাত প্রায় ডেৰ ঘণ্টা ৰাহি হ'ব। ১৫...