December 3, 2025 11:22 AM

views 12

পশ্চিম অসম আৰু উত্তৰ বংগৰ মাজত বিকল্প দ্বৈত ৰে’লপথ স্থাপন হ’ব: ৰে’ল মন্ত্রণালয়

● ৰে’ল মন্ত্রণালয়ে পশ্চিমবংগৰ নিউ কোচ বিহাৰৰ পৰা গোলকগঞ্জ আৰু গৌৰীপুৰ হৈ অভয়াপুৰীলৈ থকা ১৫২. ৩১ কিলোমিটাৰ ৰে'লপথৰ দ্বৈতকৰণৰ চূড়ান্ত জৰীপত অনুমোদন জনাইছে। প্রায় তিনি কোটি ৬৫ লাখ টকা ব্যয়েৰে চলাবলগীয়া এই স্থানভিত্তিক জৰীপ শীঘ্ৰেই আৰম্ভ হ'ব। বৰ্তমান এশাৰীয়া লাইনযুক্ত এই পথটো দ্বৈত ৰে'লপথ হৈ উঠিলে পশ্চিম অসম আৰু উত্তৰ বংগৰ মাজত বিকল্প দ্বৈত ৰে'লপথ স্থাপন হ'ব। উল্লেখযোগ্য যে বঙাইগাঁৱৰ পৰা অভয়াপুৰী হৈ নৰনাৰায়ণ সেঁতুৰে কামাখ্যালৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰেৰে দ্বৈত ৰে'লপথ আৰু বৈদ্যুতিকৰণৰ কাম সম্...