June 26, 2025 8:47 PM

views 18

ভূমিস্খলনত ক্ষতিগ্ৰস্ত জাতিংগা-লামপুৰৰ মাজৰ ৰে’লপথৰ মেৰামতিৰ বুজ লয় উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জাতিংগা আৰু লামপুৰৰ মাজৰ ভূমিস্খলন হোৱা ৰে'লপথৰ পৰা শিল-বালিৰ আৱৰ্জনা আঁতৰোৱাৰ কাম যুদ্ধকালীন ক্ষিপ্ৰতাৰে চলি আছে। বর্তমান ১৫খন এছকেভেটৰ আৰু ২০০ৰো অধিক শ্ৰমিকে ৰে'লপথছোৱা ৰে'ল চলাচলৰ উপযোগী কৰি তোলাৰ বাবে দিনে-নিশাই কাম কৰি আছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে আজি ভূমিস্খলন হোৱা অঞ্চলটো পৰিদৰ্শন কৰি মেৰামতি কাৰ্যৰ বুজ লয়। তেওঁ কয়, যে বতৰ অনুকুল হ’লে অহা সোমবাৰৰ ভিতৰত এই পথেৰে আংশিকভাৱে ৰে'ল চলাচল পুনৰ আৰম্ভ কৰিব পৰা যাব। মেৰামতি হোৱাৰ পাছত...