January 10, 2026 12:10 PM

views 16

ৰে’লৱেৰ ১০০ গৰাকী বিষয়ালৈ ৭০ সংখ্যক অতি বিশিষ্ট ৰে’ল সেৱা পুৰস্কাৰ প্ৰদান

ভাৰতীয় ৰে'লৱে গোলকীয় মান নিৰ্ধাৰণ কৰিব পৰা এটা স্থিতিত উপনীত হৈছে আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ বাবে সাজু আছে। নতুন দিল্লীত কালি ৰে'লৱেৰ ১০০ গৰাকী বিষয়াক ৭০ সংখ্যক অতি বিশিষ্ট ৰে'ল সেৱা পুৰস্কাৰ প্ৰদান কৰি দিয়া ভাষণত ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এইদৰে কয়। এই অনুষ্ঠানতে শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৰে'লৱে সংমণ্ডলক পুৰস্কাৰ স্বৰূপে ২৬ শিল্ড প্রদান কৰা হয়। ভাৰতীয় ৰে'লৱেলৈ আগবঢ়োৱা অসাধাৰণ আৰু নিদৰ্শনমূলক সেৱাৰ স্বীকৃতি স্বৰূপে এই পুৰস্কাৰ...