July 4, 2025 6:35 PM July 4, 2025 6:35 PM

views 6

ভূমিস্খলনৰ বাবে বন্ধ হোৱা লামডিং-শিলচৰ ৰে’লপথছোৱা পুনৰ মুকলি

ভূমিস্খলনৰ বাবে বন্ধ হোৱা লামডিং-শিলচৰ ৰে'লপথছোৱা পুনৰ ৰে'ল চলাচলৰ বাবে মুকলি কৰা হৈছে। ডিমা হাচাও জিলাৰ দিহাখো আৰু মুপা ষ্টেছনৰ মাজৰ ৰে'লপথছোৱা কালি বৃহৎ‍ শিল আৰু মাটি খহি অহাৰ ফলত এই পথছোৱাৰে ৰেল চলাচল বন্ধ কৰি দিয়া হৈছিল। উত্তৰ-পূৱ সীমান্ত ৰে'লৱে সূত্ৰৰ উদ্ধৃতি দি আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে, ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত ৰে'লপথৰ পৰা শিল, বালি আঁতৰোৱাৰ পাছত আজি পুৱা ৯ বাজি ৪২ মিনিটৰ পৰা এই ৰে'লপথেৰে পুনৰ ৰেল চলাচলৰ অনুমতি দিয়া হয়। আগৰতলাৰ পৰা মুম্বাইৰ লোকমান্য তিলক টার্মিনেছলৈ যাত্ৰা কৰা...

June 27, 2025 12:34 PM June 27, 2025 12:34 PM

views 33

ডিমা হাছাও জিলা আৰু শিলচৰৰ মাজত পথ যোগাযোগ বিচ্ছিন্নৰ ফলত হাজাৰ হাজাৰ ট্ৰাক আবদ্ধ

ভূমিস্খলনৰ ফলত বিগত ১০ দিন ধৰি ডিমা হাছাও জিলা আৰু শিলচৰৰ মাজত পথ যোগাযোগ বিচ্ছিন্ন হৈ থকাৰ ফলত লামডিং-হাৰাংগাজাওত হাজাৰ হাজাৰ ট্ৰাক আবদ্ধ হৈ পৰিছে। লংকাৰ দিশৰ পৰা অহা ট্রাকসমূহ লামডিং সংৰক্ষিত বনাঞ্চলত আবদ্ধ হৈ আছে। একেদৰে শিলচৰৰ দিশৰ পৰা অহা ট্রাকসমূহ ডিকটচাৰা-হাৰাংগাজাওত আবদ্ধ হৈ পৰিছে। দুয়োপিনে আবদ্ধ হৈ পৰা হাজাৰ হাজাৰ ট্ৰাকৰ চালক আৰু হেণ্ডিমেনৰ খাদ্য-সামগ্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। প্ৰশাসনে চালক-হেণ্ডিমেনসকলৰ খোৱা-বোৱাৰ যথোচিত ব্যৱস্থা কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে। অৱশ্যে ডিমা ...

June 24, 2025 7:08 PM June 24, 2025 7:08 PM

views 7

লামডিং আৰু শিলচৰৰ মাজত সকলোধৰণৰ ৰে’লসেৱা বাতিল

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অধীনস্থ জাতিংগা আৰু লামপুৰৰ মাজৰ এঠাইত ৰে'লপথত হোৱা প্ৰৱল ভূমিস্খলনৰ বাবে লামডিং আৰু শিলচৰৰ মাজত সকলোধৰণৰ ৰে'লসেৱা যোৱানিশাৰে পৰা বাতিল কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই জনোৱা মতে ইয়াৰ ফলত ১৫৬১৫ গুৱাহাটী শিলচৰ এক্সপ্ৰেছ, ১৫৬১১ আৰু ১৫৬১২ ৰঙিয়া-শিলচৰ এক্সপ্ৰেছ, ১৫৬১৭ আৰু ১৫৬১৮ দুৰ্লভছৰা গুৱাহাটী এক্সপ্ৰেছ, নাহৰলগুন-শিলচৰ এক্সপ্ৰেছ, কাঞ্চনজংঘা এক্সপ্ৰেছ, তিৰুচিৰাপল্লী এক্সপ্ৰেছ, ৰে’লগাড়ীকেইখনৰ যাত্ৰা অনির্দিষ্ট কাললৈ বাতিল কৰা হৈছে। আমাৰ হোজাইৰ সংবাদদাতাই জনোৱা মতে ৰে...