December 22, 2025 12:04 PM

views 11

চলিত বৰ্ষত দ্বিতীয়বাৰলৈ ৰে’লৰ টিকটৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষত দ্বিতীয়বাৰলৈ ৰে'লৰ টিকটৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে। অহা ২৬ ডিচেম্বৰৰ পৰা দূৰনীবটীয়া যাত্ৰীবাহী ৰে'লৰ ভাৰাৰ নতুন নিৰিখ কাৰ্যকৰী হ'ব বুলি ৰে'ল মন্ত্ৰ্যালয়ৰ সূত্ৰত প্ৰকাশ পাইছে। ইয়াৰ পূৰ্বে জুলাইত দূৰণীবটীয়া মেইল আৰু এক্সপ্ৰেছৰ ভাৰা বৃদ্ধি কৰা হৈছিল। প্ৰতি কিলোমিটাৰৰ ভিত্তিত সংৰক্ষিত আৰু অসংৰক্ষিত টিকটৰ ভাৰা বৃদ্ধি হ'ব। দূৰণীবটীয়া ৰে'লৰ সাধাৰণ শ্ৰেণীৰ ক্ষেত্ৰত প্ৰথম ২১৫ কিলোমিটাৰ পৰ্যন্ত ভাৰাৰ কোনো সালসলনি নহয়।