September 23, 2025 8:08 PM

views 13

উৎসৱৰ সময়ছোৱাত ৪৬ খন বিশেষ ৰে’লগাড়ীৰ ব্যৱস্থাৰ ঘোষণা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

উৎসৱৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে'লৱেই ৪৬ খন বিশেষ ৰে’লগাড়ীৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে। দুৰ্গা পূজা, দীপাৱলী আৰু ষট পূজাৰ সময়ছোৱাত যাতে যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰপ্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উৎসৱ বিশেষ ৰে’লগাড়ীসমূহ কাটিহাৰ, সোণপুৰ, দৌৰাম মাধেপুৰা, মণিহাৰী, আগৰতলা, ধৰ্মনগৰ, নিউ তিনিচুকীয়া, এছ এম ভি টি বেংগালুৰু, অমৃতসৰ, নিউ জলপাইগুৰি, গুমটিনগৰ, কিষাণগঞ্জ, নাহৰকটীয়া গঞ্জ, পাটনা, ডিব্ৰুগড়, গোড়খপুৰ, শিলচৰ, নাহৰলগুণ, কলকাতা আৰু গুৱাহাটীৰ দৰে গুৰ...