September 18, 2025 8:36 PM

views 19

ৰাজ্যৰ ভিন্ন স্থানত নাগৰিক সংগঠনসমূহৰ মুখ্যমন্ত্রী আৰু ৰে’ল কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ; ৰে’ল কী বাত কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যত যাত্ৰীৰ চাহিদা অনুসৰি স্থানীয় ৰে'লগাড়ী অর্থাৎ লোকেল ট্রেইন প্ৰৱৰ্তন কৰা আৰু ৰে’লগাড়ীসমূহ ৰখোৱাৰ সুবিধাজনক স্থান অর্থাৎ ষ্টপেজ দিয়াৰ দাবীত আজি ৰাজ্যখনৰ বিভিন্ন স্থানত নাগৰিক সংগঠনসমূহে মুখ্যমন্ত্রী আৰু ৰে’ল কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰদান কৰি ৰে'ল কী বাত কাৰ্যসূচী ৰূপায়ণ কৰে। অসম ৰে'ল যাত্ৰী সংস্থাৰ আহ্বানত আজি বঙাইগাঁও, সৰুপেটা, চাপৰ, ধুবুৰী, লামডিং, ডিগবৈ, কোকৰাঝাৰ, পাঠশালা, বৰপেটা ৰোড, গুৱাহাটী, গোসাঁইগাঁও, ফকিৰাগ্ৰাম, নামৰূপ, হাইলাকান্দি, ডুমডুমা, উত্তৰ কাঠনি, গহপুৰ, গোৱালপাৰা আদি ...