July 13, 2025 9:28 PM
15
সকলো দবাতে চিচি টিভি কেমেৰা লগোৱাৰ সিদ্ধান্ত গ্রহণ ৰে’ল বিভাগৰ
ৰে'ল বিভাগে যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে সকলো দবাতে চিচি টিভি কেমেৰা লগোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰে'ল ৰাজ্য মন্ত্ৰী ৰৱনিত সিং বিট্টুৱে ইঞ্জিন আৰু দবাত চিচি টিভি কেমেৰা স্থাপনৰ অগ্ৰগতিৰ বিষয়ে পৰ্য্যালোচনা কৰে। এই দবাসমূহত যাত্ৰীৰ উমৈহতীয়া আহ-জাহৰ স্থানত কেমেৰা স্থাপনেৰে সুৰক্ষা ব্যৱস্থা অধিক উন্নত কৰিব বিচৰা হৈছে। এই ব্যৱস্থাই দুর্বৃত্তক চিনাক্ত কৰাত সহায় কৰিব। যাত্ৰীৰ গোপনীয়তা ৰক্ষাৰ বাবে চিচি টিভি কেমেৰাসমূহ দুৱাৰৰ ওচৰৰ উমৈহতীয়া স্থানত স্থাপন কৰ...