December 29, 2025 6:12 PM

views 31

ইষ্টমাচ অব তেহৱান টেপেকৰ আন্তঃমহাসাগৰীয় কৰিড’ৰত যাত্ৰীবাহী ৰে’লগাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ১৩গৰাকী লোকৰ মৃত্যু

● মেক্সিকোৰ ছেলিনা ক্রুজ কোৱাটজাকোৱালকোচ পথৰ ইষ্টমাচ অব তেহৱান টেপেকৰ আন্তঃমহাসাগৰীয় কৰিড'ৰত এখন যাত্ৰীবাহী ৰেলগাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ১৩গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৯৮গৰাকী আহত হয়। ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰেলগাড়ীখনত ২৫০গৰাকী যাত্ৰী আছিল। মেক্সিকোৰ নৌসেনা বিভাগে উদ্ধাৰ অভিযানৰ বাবে ৩৬০গৰাকী জোৱান, এম্বুলেন্স, ড্রোণকে ধৰি সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি ক্লৌডিয়া শ্বেইনবমে সংশ্লিষ্ট বিষয়াসকলক আহত লোকসকলক প্রয়োজন সাপেক্ষে চিকিৎসা সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দ...

August 18, 2025 1:02 PM

views 36

বকোৰ বামুণীগাঁও ৰে’ল ষ্টেচনৰ সমীপত আজি পুৱা এখন যাত্ৰীবাহী ৰে’লৰ খুন্দাত তিনিগৰাকী মহিলা নিহত

কামৰূপ জিলাৰ বকোৰ বামুণীগাঁও ৰে'ল ষ্টেচনৰ সমীপত আজি পুৱা এখন যাত্ৰীবাহী ৰে'লৰ খুন্দাত তিনিগৰাকী মহিলা নিহত হয়। প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে বামুণীগাঁও ৰে'ল ষ্টেচনৰ এন এন ২৪০ গে’ৰ্টৰ সমীপত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। ৰে'লৰ খুন্দাত নিহত মহিলা তিনিগৰাকীক বকোৰ দুই নম্বৰ ছটাবাৰীৰ উত্তৰা দাস, ৰুমী দাস আৰু কৰবী মালী বুলি চিনাক্ত কৰা হয়। একে সময়তে দুখন ৰে’লে অতিক্ৰম কৰাত উজনিমুৱা পুৰী এক্সপ্রেছে মহিলাকেইগৰাকীক মহতিয়াই নিয়ে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মহিলাকেইগৰাকীৰ মৃতদেহ উদ্ধাৰ ক...

March 30, 2025 8:53 PM

views 32

বেংগালুৰু-গুৱাহাটী-কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ ৰে’লৰ ১১ টা দবা লাইনচ্যুত

● বেংগালুৰু-গুৱাহাটী-কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ ৰে'লৰ ১১ টা দবা আজি ওড়িষাৰ কটকৰ নিৰ্গণ্ডি ৰে’ল ষ্টেচনৰ সমীপত লাইনচ্যুত হয়। চৰকাৰী তথ্য অনুসৰি এই ঘটনাত এজন লোক নিহত হোৱাৰ লগতে ৭ গৰাকী লোক আহত হয়। আহত যাত্ৰীসকলক কটকৰ এছ চি বি চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। উল্লেখযোগ্য যে ৰে’লখন বেংগালুৰুৰ পৰা কামাখ্যা অভিমুখে আহি আছিল। ঘটনাস্থলীত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। চিকিৎ‍সা সাহায্যৰ বিশেষ গোট, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী তথা অগ্নি নির্বাপক বাহিনীৰ লোক তথা ৰে'ল ...

October 12, 2024 4:10 PM

views 39

কাউৰাপেট্টাইত সংঘটিত ৰে’ল দূৰ্ঘটনাৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

দক্ষিণ ৰে'লৱেৰ চেন্নাই সংমণ্ডলৰ গুন্মীডিপুণ্ডিৰ সমীপৰ কাউৰাপেট্টাইত যোৱানিশা সংঘটিত ৰে'ল দূৰ্ঘটনাটোৰ সন্দৰ্ভত এটা উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ঘটনাটোত সামগ্ৰী কঢ়িওৱা ৰে'লৰ খুন্দাত মহিশূৰ-দ্বাৰভাংগা বাগমতি এক্সপ্ৰেছ ৰে'লগাড়ীখন ৰে'ল লাইনৰ পৰা আঁতৰি পৰে। ইয়াৰ ফলত কমেও ১২টাৰ পৰা ১৩টা ডবা লাইনচ্যুত হয়। এই ঘটনাত হতাহতৰ কোনো খবৰ অহা নাই যদিও কেইবাজনো লোক আহত হৈছে। আহত লোকসকলক ওচৰৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। উচ্চ পৰ্যায়ৰ কমিটীৰ তদন্তৰ ফলাফলৰ পাছতেই দুৰ্ঘটনাটোৰ প্ৰক...

August 1, 2024 8:33 PM

views 32

দেশত ৰে’ল দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ

কেন্দ্ৰীয় চৰকাৰে কৈছে যে, দেশত ৰে'ল দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ আৰু ইউ পি এৰ শাসন কালৰ তুলনাত ৰে'ল দুৰ্ঘটনা ৬৮ শতাংশ হ্রাস পাইছে। লোকসভাত আজি ৰে'ল মন্ত্ৰ্যালয়ৰ দাবী মঞ্জুৰি সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ইউ পি এৰ শাসন কালত ৰে'ল দুৰ্ঘটনাৰ বাৰ্ষিক গড় ১৭১ আছিল । সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে অধিক প্ৰয়াসৰ আৱশ্যকতা আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে, ২০২২-২৩ বৰ্ষত সুৰক্ষাৰ বাবদ ৮৭ হাজাৰ কোটিৰো অধিক টকা ব্যয় কৰা হৈছে আৰু...

July 20, 2024 6:53 PM

views 45

দুর্ঘটনাগ্রস্ত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছৰ তিনিচুকীয়া জিলাৰ যাত্ৰীসকল আজি জিলাখনত উপস্থিত

উত্তৰ প্ৰদেশৰ গোণ্ডাৰ সমীপত দুর্ঘটনাগ্রস্ত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ তিনিচুকীয়া জিলাৰ যাত্ৰীসকল আজি জিলাখনত আহি উপস্থিত হয়। তিনিচুকীয়া জিলা প্রশাসনে যাত্ৰীসকলক সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়ায়। উল্লেখযোগ্য যে যোৱা ১৮ জুলাইত ৰেল গাড়ীখনৰ ২১টা দবা বাগৰি পৰাত ৪জন যাত্ৰীৰ প্ৰাণহানি হোৱাৰ লগতে আন ৩০ জন আহত হৈছিল। ৰে'লখনত থকা তিনিচুকীয়া জিলাৰ ২৯ গৰাকী যাত্ৰীৰ ৪ গৰাকীৰ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল। আজি যাত্ৰীসকল তিনিচুকীয়া ৰে'ল ষ্টেচনত আহি উপস্থিত হোৱাৰ পাছত জিলা আয়ুক্ত স্বপ্নীল...

July 19, 2024 7:08 PM

views 41

উত্তৰ প্ৰদেশৰ ৰে’ল দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা ৪লৈ বৃদ্ধি

উত্তৰ প্ৰদেশৰ গোণ্ডাত কালি হোৱা ৰে'ল দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা ৪ লৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাত আহত এজন লোকৰ আজি চিকিৎসালয়ত মৃত্যু ঘটে আৰু ৰে'ল পথৰ পৰা বাগৰি পৰা ডবাৰ পৰা অন্য এটা শৱদেহ উদ্ধাৰ হয়। অন্য দুজন আহতৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। ৰে'ল বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি কালি বিয়লি ডিব্ৰুগড় অভিমুখী চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ ২১টা ডবা লাইনৰ পৰা বাগৰি পৰিছিল আৰু ৩০জন লোক আহত হৈছিল। লক্ষ্ণৌ-গুৱাহাটী মূল ৰে'লপথেৰে ৰে'ল চলাচল পুনৰ আৰম্ভ কৰাৰ বাবে মেৰামতিৰ কাম পূর্ণ গতিত চলি আছে...

July 18, 2024 7:41 PM

views 75

উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত, ২ জন নিহত

উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত আজি ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। ৰে'লৱেৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাৰ ফলত ৰে'লখনৰ ৬টা দবা পথচ্যুত হয়। দুর্ঘটনাত কমেও দুজন যাত্রী নিহত হোৱাৰ লগতে আন ২০ গৰাকী যাত্ৰী আহত হয়। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি লক্ষ্ণৌৰ পৰা যোৱা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰেল বিভাগৰ জ্যেষ্ঠ বিষয়াই দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰি আছে। দুৰ্ঘটনাৰ ফলত কেইবাখনো ৰে'লৰ সেৱা বাতিল কৰা হৈছে। উল্লেখযোগ্য যে ৰে'ল মন্ত্ৰালয়ে নিহতৰ নিকটাত্মীয়লৈ ১...

June 18, 2024 8:09 PM

views 43

নিউ জলপাইগুৰি ষ্টেছনৰ ওচৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পাছত ৰে’লপথছোৱাৰে আজি স্বাভাৱিক ৰে’ল চলাচল আৰম্ভ

পশ্চিমবংগৰ দাৰ্জিলিং জিলাৰ সমীপৰ নিউ জলপাইগুৰি ষ্টেছনৰ ওচৰত কালি সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পাছত ৰে’লপথছোৱাৰে আজি স্বাভাৱিক ৰে’ল চলাচল আৰম্ভ হৈছে। উত্তৰ পূৱ সীমান্ত ৰে’লৱে প্ৰকাশ কৰা মতে, অবধ আসাম এক্সপ্ৰেছ ৰেলগাড়ীখনৰ নামনিমুৱা সেৱা আজি পুৱা ৭.৩০ বজাত পুনৰ আৰম্ভ কৰা হৈছে। ৰেলপথছোৱাৰে কালিয়েই উজনিমুৱা সেৱা বাহাল কৰা হৈছিল। এই ৰেল দুৰ্ঘটনাত ৯ জন লোকে প্রাণ হেৰুৱাইছিল।