April 23, 2025 12:31 PM

views 16

আজিৰে পৰা দ্বাদশ ছিনিয়ৰ নেচনেল ৰাগবী 7S চেম্পিয়নশ্বিপ

ৰাগবী ইণ্ডিয়া আৰু অসম ৰাগবী এছ'চিয়েচনৰ উদ্যোগত গুৱাহাটীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত আজিৰে পৰা দ্বাদশ ছিনিয়ৰ নেচনেল ৰাগবী 7S চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছে৷ এই প্ৰতিযোগিতাত ২৬ খন ৰাজ্যৰ ৫২টা দলে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতা এশগৰাকী দলীয়া বিষয়া আৰু ৩০ গৰাকী ৰাষ্ট্ৰীয় কাৰিকৰী বিষয়াইও ভাগ ল'ব। আজি আৰু কাইলৈ মহিলাৰ খেলসমূহ অনুষ্ঠিত হ'ব আৰু ২৭ আৰু ২৮ এপ্ৰিলত পুৰুষৰ খেলসমূহ অনুষ্ঠিত হ'ব।