May 31, 2024 8:40 PM May 31, 2024 8:40 PM
11
৪ জুনত হ’বলগীয়া ভোট গণনাৰ বাবে মুঠ ৫,৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছেঃ অনুৰাগ গোৱেল
File Photo Akashvani GHY ৰাজ্যৰ ৫০ খন নিৰ্বাচনী জিলাত স্থাপিত ৫২ টা ভোটগণনা কেন্দ্ৰত অহা ৪ জুনত হ’বলগীয়া ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে পুৱা ৮ বজাত আৰম্ভ হ'বলগীয়া ভোট গণনাৰ বাবে মুঠ ৫ হাজাৰ ৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ভোটগণনা স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নির্বাচন আয়োগে ৬৪ গৰাকী সাধা...