August 11, 2024 8:45 PM August 11, 2024 8:45 PM

views 7

বিশিষ্ট কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ  দেহাৱসান

বিশিষ্ট কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ আজি দেহাৱসান ঘটে। ১৯৩৯ চনত মাকুমত জন্মগ্ৰহণ কৰা বৰাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৫ বছৰ। ৰামধেনুৰ যুগতে কবি হিচাপে আত্মপ্ৰকাশ কৰা বৰাই ১৪ খন কাব্য সংকলন, চাৰিখন গল্প সংকলন আৰু এখন উপন্যাসকে ধৰি বহু মূল্যবান গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰি গৈছে। অসম চৰকাৰৰ জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰবীন্দ্ৰ বৰাৰ মৃত্যুত অসম প্ৰকাশন পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই বৰাৰ মৃত্যু অসমৰ সাহিত্য জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে।