July 19, 2025 12:06 PM

views 18

ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে সুসংগঠিত পৰিকল্পনা গ্রহণ কৰিছে

● ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে সুসংগঠিত পৰিকল্পনা গ্রহণ কৰিছে। ইয়াৰ বাবে কাৰিকৰী বিশেষজ্ঞৰ উপৰি সাংস্কৃতিক ক্ষেত্ৰৰ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছে। সাংস্কৃতিক মন্ত্রী বিমল বৰাই কালি সাংবাদিকৰ আগত এইকথা উল্লেখ কৰি কয়, যে প্ৰথম অৱস্থাত ৰবীন্দ ভৱনটো মেৰামতিৰ বাবে সিদ্ধান্ত লোৱা হৈছিল। কিন্তু ভৱনটোৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি সম্পূর্ণ ভৱনটোৱে নতুনকৈ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয়। লোকনির্মাণ বিভাগে ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক কাম- কাজ আৰম্ভ কৰিছে ...

July 18, 2025 8:18 PM

views 14

গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন পুনৰ মুকলিৰ দাবীত সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ প্ৰতিবাদ

৩ বছৰ ধৰি বন্ধ হৈ থকা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন পুনৰ মুকলি কৰাৰ দাবীত আজি সাংস্কৃতিক ঐক্যমঞ্চ অসমে প্ৰতিবাদ সাব্যস্ত কৰে। ঐক্যমঞ্চৰ নেতৃত্বত নাট্যশিল্পী, অভিনেতা, শিল্পী কলাকুশলীসকলে গীতে-মাতে প্ৰতিবাদ সাব্যস্ত কৰি ছমাহৰ ভিতৰত ৰবীন্দ্ৰ ভৱন মুকলি কৰি দিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। উল্লেখযোগ্য যে কেইবা দশক জুৰি ৰবীন্দ্ৰ ভৱনৰ মঞ্চখন শিল্প সংস্কৃতিৰ ধাৰাবাহিক চৰ্চা আৰু বিকাশৰ ঐতিহ্যপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। এই মঞ্চতেই অসমৰ ভালেসংখ্যক আগশাৰীৰ শিল্পীৰ উত্তৰণ হৈছে। আজি প্ৰতিবাদকাৰী শিল্পীৰ দলটো...