October 14, 2025 11:27 AM

views 37

গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন শীঘ্ৰে মুকলি কৰি দিবৈল দীৰ্ঘদিন ধৰি ৰাজ্যৰ শিল্পী সমাজৰ দাবী

● গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন শীঘ্ৰে মুকলি কৰি দিবৈল দীৰ্ঘদিন ধৰি ৰাজ্যৰ শিল্পী সমাজে দাবী জনাই আহিছে। কালি সাংস্কৃতিক ঐক্য মঞ্চ অসমে পুনৰ এই দাবী জনায়। গুৱাহাটীৰ চেনিকুঠীৰ সূৰ্য সমলয় ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত কালি বিশিষ্ট নাট্যকর্মী ৰবিজিতা গগৈয়ে শিল্পীসকলৰ সুবিধাৰ্থে ৰবীন্দ্ৰ ভৱন প্ৰাংগণত থকা প্ৰেক্ষাগৃহ আৰু কলাবিথিকা শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে দাবী জনায়। ভৱনটোত চলি থকা মেৰামটি কাৰ্য শীঘ্ৰেই সম্পন্ন কৰি মুকলি কৰি দিবলৈ জুবিন গাৰ্গৰ লগতে এহেজাৰ ১০৮ গৰাকী ন-পুৰণি শিল্পীৰ স্বাক্ষৰ সম্বলিত এখ...

July 19, 2025 12:06 PM

views 18

ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে সুসংগঠিত পৰিকল্পনা গ্রহণ কৰিছে

● ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে সুসংগঠিত পৰিকল্পনা গ্রহণ কৰিছে। ইয়াৰ বাবে কাৰিকৰী বিশেষজ্ঞৰ উপৰি সাংস্কৃতিক ক্ষেত্ৰৰ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছে। সাংস্কৃতিক মন্ত্রী বিমল বৰাই কালি সাংবাদিকৰ আগত এইকথা উল্লেখ কৰি কয়, যে প্ৰথম অৱস্থাত ৰবীন্দ ভৱনটো মেৰামতিৰ বাবে সিদ্ধান্ত লোৱা হৈছিল। কিন্তু ভৱনটোৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি সম্পূর্ণ ভৱনটোৱে নতুনকৈ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয়। লোকনির্মাণ বিভাগে ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক কাম- কাজ আৰম্ভ কৰিছে ...