July 20, 2025 12:49 PM

views 19

খৰাংসদৃশ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে জিলাসমূহৰ আয়ুক্তসকলৰ সৈতে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটাৰ বৈঠক

ৰাজ্যৰ খৰাংসদৃশ পৰিস্থিতিৰ ফলত ২৫খন জিলাত যোৱা ১ জুনৰ পৰা কালিলৈকে বৰষুণ হোৱাৰ পৰিমাণ ৪৩ শতাংশ হ্ৰাস পোৱা বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। এনে পৰিস্থিতি জলসিঞ্চনৰ সা-সুবিধা নথকা ৰাজ্যৰ কৃষকসকলে বিমোৰত পৰা পৰিলক্ষিত হৈছে। অৱশ্যে শেহতীয়াকৈ মন্ত্ৰীসভাৰ বৈঠকৰ পাছত খৰাংপীড়িত কৃষকক চৰকাৰে ক্ষতিপূৰণ দিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাই কৃষকসকলৰ কিছু পৰিমাণে সকাহ দিছে। ইপিনে ৰাজ্যত অনাবৃষ্টিৰ ফলত সৃষ্টি হোৱা খৰাংসদৃশ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই কালি জিলাসমূহৰ...

October 22, 2024 6:01 PM

views 17

জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ৰাজ্যৰ মুখ্য সচিবৰ বৈঠক

ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাই আজি ২৭ অক্টোবৰত হ'বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অন্তিম পর্যায় সন্দৰ্ভত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আলোচনাত মিলিত হয়। ২৭ অক্টোবৰত পুৱা চাৰে ৯ বজাৰ পৰা চাৰে ১১ বজালৈ এহেজাৰ ৪৮৪টা আৰু দিনৰ ডেৰ বজাৰ পৰা বিয়লি ৪ বজালৈ ৮০৮টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষাত মুঠ ৮ লাখ ২৭ হাজাৰ ১৩০ গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব। চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱ...

June 11, 2024 8:46 PM

views 23

জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলজীৱন মিছনৰ বিষয়া আৰু কেইবাখনো জিলাৰ আয়ুক্তৰ সৈতে ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ পৰ্যালোচনা সভা

ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলজীৱন মিছনৰ বিষয়াসকল আৰু কেইবাখনো জিলাৰ আয়ুক্তৰ উপস্থিতিত অসমত জলজীৱন মিছন আৰু ইয়াৰ লগত সম্পৰ্ক থকা নলীযুক্ত পানীযোগান আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে পর্যালোচনা কৰে। কালি অনুষ্ঠিত পর্যালোচনা বৈঠকত প্রকাশ পোৱা মতে বৰ্তমানলৈকে ১৪ হাজাৰ ১৫১খন নলীযুক্ত পানীযোগান আঁচনি সম্পূৰ্ণ কৰা হৈছে আৰু এই আঁচনিসমূহৰ ভিতৰত ১২ হাজাৰ ১০৯ আঁচনি কার্যক্ষম কৰি তুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ হাতত পৰিচালনা কৰিবৰ বাবে গতাই দিয়া হৈছে। জলজীৱন আঁচনি ঘোষণাৰ পূৰ্ব...