April 5, 2025 12:23 PM

views 11

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি আৰু ৰাভা-হাছং যৌথ মঞ্চৰ প্ৰাৰ্থীৰ সংখ্যাগৰিষ্ঠতা লাভ

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত শাসনত অধিষ্ঠিত বিজেপি আৰু ৰাভা-হাচং যৌথ মঞ্চৰ প্ৰাৰ্থীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। গোৱালপাৰা জিলাৰ ১৯ টা সমষ্টিৰ ১৭টা সমষ্টিত ৰাভা-হাচং যৌথ মঞ্চ আৰু বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। আনহাতে কংগ্ৰেছ আৰু নিৰ্দলীয় প্রার্থীয়ে এটাকৈ সমষ্টিত জয়লাভ কৰে। জিলাখনৰ ধূপধৰা সাধাৰণ পৰিষদীয় সমষ্টিত ৰাভা হাচং যৌথ মঞ্চৰ প্ৰাৰ্থী অনাদি সৰকাৰ বিপুল ভোটত জয়ী হয়। কোঠাকুটি সমষ্টিত বিজেপি প্রার্থী ভৈৰৱ কছাৰী, দুধনৈ সমষ্টিত ৰাভা-হাচং যৌথ সংগ্ৰাম সমিতিৰ উজ্বলা ব্রহ্ম, মা...

April 1, 2025 6:36 PM

views 18

কাইলৈ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন, গোৱালপাৰা-কামৰূপৰ পৰিষদৰ এলেকাধীন অঞ্চলত বন্ধ ঘোষণা

কাইলৈ হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গোৱালপাৰা আৰু কামৰূপ জিলাৰ পৰিষদৰ এলেকাধীন অঞ্চলত বন্ধ ঘোষণা কৰা হৈছে। অসম ৰাজ্যিক নির্বাচন আয়োগৰ সচিবে জাৰি কৰা জাননী অনুসৰি কাইলৈ অঞ্চলটোৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষা, ব্যৱসায়িক আৰু বিত্তীয় প্রতিষ্ঠান বন্ধ থাকিব । গোৱালপাৰা আৰু কামৰূপৰ মুঠ ৩৩টা পৰিষদীয় সমষ্টিত কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে গোৱালপাৰা জিলাত ১৯টা আৰু কামৰূপ জিলাত ১৪টা ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদীয় সম...

March 23, 2025 6:34 PM

views 17

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ব্যাপক প্রচাৰ অভিযান

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ব্যাপক প্রচাৰ অভিযান চলিছে। বিজেপি, ৰাভা হাছং যৌথ সমিতি আৰু অগপই ঐক্যবদ্ধভাৱে নির্বাচনী যুঁজত নামি প্ৰচাৰ অভিযান চলাই আছে। আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই ৰাভা হাছং এলেকাত উপস্থিত হৈ আগিয়া পৰিষদীয় সমষ্টিৰ বিজেপি প্রার্থী সুচিত্রা নাথৰ লগতে আন দলীয় প্রার্থীসকলৰ হৈ প্ৰচাৰ চলায়। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ নেতৃত্বত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে বিজেপিৰ সহযোগত নির্বাচনী প...

March 14, 2025 8:08 PM

views 14

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপিৰ ছটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে আজি ছটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দলৰ ৰাজ্যিক নিৰ্বাচন সমিতিৰ সিদ্ধান্ত অনুসৰি এই প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰা হৈছে। আজি ঘোষণা কৰা তালিকা অনুসৰি সুচিত্ৰা নাথ, ভৈৰৱ কছাৰী, প্রেমাজলি ৰাভা, মেঘালী ৰাভা, অজিত ৰাভা আৰু কমলেশ্বৰ ৰাভাক দলে প্রার্থীত্ব প্ৰদান কৰিছে।