March 31, 2025 11:55 AM
14
ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ আজি সামৰণি
ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ আজি সামৰণি পৰিব। পৰহিলৈ হ'বলগীয়া পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত আজি শাসক-বিৰোধী আটায়ে নিজ নিজ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলাব। বিজেপি, অসম গণ পৰিষদ আৰু ৰাভা হাচং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভিন্ন স্থানত প্ৰচাৰ চলাব। একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈও দলীয় নেতৃত্বই বিভিন্ন স্থানত প্ৰচাৰ চলাই ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাব। বিয়লি ৩ বজাত প্ৰচাৰৰ অন্ত পৰিব ৷ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ...