March 17, 2025 12:02 PM
11
ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ আজি বৈধ মনোনয়ন-পত্রৰ তালিকা প্ৰকাশ
অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্রসমূহ আজি পৰীক্ষা কৰি বৈধ মনোনয়ন পত্ৰৰ তালিকা প্ৰকাশ কৰা হ'ব। প্ৰাৰ্থীসকলে ১৯ মাৰ্চৰ বিয়লি ৩ বজালৈকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব আৰু একেদিনাই বিয়লি নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰা হ'ব। অহা ২ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্রহণ হ'ব। অহা ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব । উল্লেখযোগ্য যে পৰিষদীয় নিৰ্বাচনৰ বাবে মুঠ ১০৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। পৰিষদৰ অন্তৰ্গত মু...