March 31, 2025 8:29 PM March 31, 2025 8:29 PM
3
ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি
ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি ৩ বজাত সামৰণি পৰিছে। গোৱালপাৰা আৰু কামৰূপৰ ৩৩টা পৰিষদীয় সমষ্টিত অহা ২ এপ্ৰিলত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে বিজেপি, মিত্রদল অসম গণ পৰিষদ আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে আজিও ব্যাপক প্ৰচাৰ চলায়। জলসম্পদ মন্ত্রী তথা বিজেপিৰ নেতা পীযূষ হাজৰিকাই আজি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। শ্ৰী হাজৰিকাই বামুণীগাঁও পৰিষদীয় সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অজিত ৰাভা, বোন্দাপাৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী মেঘালী ৰাভা আৰু গোৱৰ্ধন পৰিষদৰ জ্যোতিষ চ...