April 13, 2025 6:36 PM April 13, 2025 6:36 PM
2
দুধনৈত ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত ৩৬ গৰাকী পাৰিষদৰ শপত গ্ৰহণ
ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত ৩৬ গৰাকী পাৰিষদে আজি দুধনৈত শপত গ্ৰহণ কৰে। দুধনৈৰ উদয়পুৰস্থিত সচিবালয়ৰ চৌহদত আজি বিয়লি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ডাঃ ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱাকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ৰাভা বীৰ পৰশুৰামৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে নৱ নিৰ্বাচিত পাৰিষদসকলক শপত বাক্য পাঠ কৰোৱা...