April 20, 2025 8:33 PM

views 13

ৰাভা হাছং ষষ্ঠ অনুসূচীৰ দাবী সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি গৌৰীশংকৰ ৰাভাৰ দেহাৱসান

গোৱালপাৰা জিলাৰ দুধনৈৰ বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক তথা ৰাভা হাছং ষষ্ঠ অনুসূচীৰ দাবী সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি গৌৰীশংকৰ ৰাভাৰ আজি দেহাৱসান ঘটে। ২০০৩ চনৰ পৰাই জাতীয় অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত জড়িত থকা ৰাভা বিভিন্ন ধৰ্মীয় আৰু সামাজিক অনুষ্ঠান-প্রতিষ্ঠানতো ওতঃপ্ৰেতঃভাৱে জড়িত আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। ৰাভাৰ মৃত্যুত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ লগতে ৰাভা জনগোষ্ঠীয় বিভিন্ন দল সংগঠন তথা ব্যক্তিবিশেষে শোক প্ৰকাশ কৰিছে।

March 17, 2025 7:25 PM

views 13

অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বৈধ মনোনয়ন পত্ৰৰ তালিকা প্ৰকাশ

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰি বৈধ মনোনয়ন পত্ৰৰ তালিকা প্ৰকাশ কৰা হয়। প্ৰাৰ্থীসকলে পৰহিলৈ বিয়লি ৩ বজালৈকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব আৰু একেদিনাই বিয়লি নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰা হ'ব। অহা ২ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্রহণ হ'ব আৰু ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব।         কামৰূপ জিলাৰ ১৬ টা পৰিষদীয় সমষ্টিৰ বাবে মুঠ ৫২ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰা আটাইকেইখন মনোনয়ন বৈধ হিচ...