June 11, 2025 9:25 PM

views 50

ৰাজ্যৰ ৰাভা বসতিপ্রধান অঞ্চলসমূহত আজি পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে বাইখ’দেৰা বা বায়খ’ পূজা পালন

ৰাজ্যৰ ৰাভা বসতিপ্রধান অঞ্চলসমূহত আজি পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে বাইখ’দেৰা বা বায়খ’ পূজা পালন কৰা হৈছে। প্ৰতিবছৰে জেঠ মাহৰ পূৰ্ণিমা তিথিত এই পূজা পালন কৰা হয়। এই উৎসৱত ৰাভাসকলৰ পূজনীয় দেৱ-দেৱীলৈ পূজা-অৰ্চনা আগবঢ়োৱা হয় আৰু কৃষিকৰ্ম সুচাৰুৰূপে সম্পন্ন কৰাৰ লগতে ৰাইজৰ উন্নয়নৰ কামনাৰে এই পূজা অনুষ্ঠিত কৰা হয়। বায়খো হুৰি অসম, খৈৰাবাৰী আঞ্চলিক বায়খো হুৰি অসম, খৈৰাবাৰী আঞ্চলিক ৰাভা জাতীয় সংগঠনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ওদালগুৰি জিলাৰ খৈৰাবাৰী বৰ্জামুগুৰি বায়খ’দামত আজিৰেপৰা চতুৰ...

September 16, 2024 7:44 PM

views 64

আজিৰে পৰা গোৱালপাৰাৰ দুধনৈত সাদিনীয়াকৈ ৰাভা লোক বাদ্য খাম আৰু ব্ৰাংছি অৰ্থাৎ‍ বাঁহী বাদনৰ কৰ্মশালা অনুষ্ঠিত

ৰাভা জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে আজিৰে পৰা গোৱালপাৰা জিলাৰ দুধনৈত সাদিনীয়াকৈ ৰাভা লোক বাদ্য খাম আৰু ব্ৰাংছি অৰ্থাৎ‍ বাঁহী বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ অৰ্থ সাহায্যত আৰু সাংস্কৃতিক কৰ্মী জোনালী ৰাভা আৰু সঞ্জয় ৰাভাৰ নেতৃত্বত এই কর্মশালা অনুষ্ঠিত হৈছে। ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই শুভাৰম্ভ কৰা কৰ্মশালাত ৩০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।