June 11, 2025 9:25 PM June 11, 2025 9:25 PM
11
ৰাজ্যৰ ৰাভা বসতিপ্রধান অঞ্চলসমূহত আজি পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে বাইখ’দেৰা বা বায়খ’ পূজা পালন
ৰাজ্যৰ ৰাভা বসতিপ্রধান অঞ্চলসমূহত আজি পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে বাইখ’দেৰা বা বায়খ’ পূজা পালন কৰা হৈছে। প্ৰতিবছৰে জেঠ মাহৰ পূৰ্ণিমা তিথিত এই পূজা পালন কৰা হয়। এই উৎসৱত ৰাভাসকলৰ পূজনীয় দেৱ-দেৱীলৈ পূজা-অৰ্চনা আগবঢ়োৱা হয় আৰু কৃষিকৰ্ম সুচাৰুৰূপে সম্পন্ন কৰাৰ লগতে ৰাইজৰ উন্নয়নৰ কামনাৰে এই পূজা অনুষ্ঠিত কৰা হয়। বায়খো হুৰি অসম, খৈৰাবাৰী আঞ্চলিক বায়খো হুৰি অসম, খৈৰাবাৰী আঞ্চলিক ৰাভা জাতীয় সংগঠনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ওদালগুৰি জিলাৰ খৈৰাবাৰী বৰ্জামুগুৰি বায়খ’দামত আজিৰেপৰা চতুৰ...