September 3, 2024 12:02 PM September 3, 2024 12:02 PM
3
আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাº সন্দীপ ঘোষক গ্ৰেপ্তাৰ
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই পশ্চিমবংগৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাº সন্দীপ ঘোষক চিকিৎসালয়খনত হোৱা অৰ্থনৈতিক অনিয়মৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। সংস্থাটোৱে তেওঁক চিকিৎসালয়খনত সংঘটিত এগৰাকী যুৱ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ সম্পর্কতো সোধা-পোছা অব্যাহত ৰাখিছে।