January 17, 2025 8:16 PM January 17, 2025 8:16 PM

views 5

গুৱাহাটী আৰু ডিব্ৰুগড়ত সমাগত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত গুৱাহাটী আৰু ডিব্ৰুগড়ত সমাগত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতিৰ বুজ লয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ৩৯ খন সমজিলাতো এইবাৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচী পালন কৰাৰ বাবে নির্দেশ দিয়ে। জিলা ভিত্তিত আয়োজিত কাৰ্যসূচীৰ দৰে যাতে সম জিলাকেইখনত গণৰাজ্য দিৱসত আৰক্ষীৰ পেৰেড অনুষ্ঠিত হয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি মোকলাই দিবলৈ সাধাৰণ প্ৰশাসন বিভাগক নিৰ্দেশ দিয়া হয়। সমাগত...