September 30, 2024 1:16 PM

views 18

নলবাৰীত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কুইজ প্রতিযোগিতা

দেশজুৰি চলি থকা স্বচ্ছতা হি সেৱা কাৰ্যসূচীৰ লগত সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত এখন কুইজ প্রতিযোগিতাৰ আয়োজন কৰিছে। পৰিচ্ছন্নতাৰ বিষয়ত ছাত্ৰীসকলক সজাগ-সচেতন কৰি তোলাৰ লগতে নৱপ্ৰজন্মৰ মাজত আকাশবাণীৰ জনপ্ৰিয়তাক বৃদ্ধি কৰাৰ উদ্দেশ্যে এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে।