November 4, 2024 12:52 PM November 4, 2024 12:52 PM

views 7

লুইতৰ পৰা মিছিছিপি হৈ শীৰ্ষক কুইজ প্ৰতিযোগিতাত পংকজ শৰ্মা আৰু চিৰঞ্জীত দত্ত চূড়ান্ত বিজয়ী সন্মান লাভ

বিশ্ববৰেণ্য শিল্পী ডº ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীৰ সৈতে সংগতি ৰাখি কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডº বাণীকান্ত কাকতি প্রেক্ষাগৃহত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত লুইতৰ পৰা মিছিছিপি হৈ শীৰ্ষক কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কুইজ প্রতিযোগিতাখনত ৪০ৰো অধিক দলে অংশগ্ৰহণ কৰে। পংকজ শৰ্মা আৰু চিৰঞ্জীত দত্তই প্রতিযোগিতাত চূড়ান্ত বিজয়ী সন্মান লাভ কৰে। আনহাতে বিশিষ্ট গৱেষক, সংগীত শিল্পী বীৰেন্দ্ৰ নাথ দত্তৰ আজি জন্ম বার্ষিকী। বীৰেন্দ্ৰ নাথ দত্তৰ...

August 22, 2024 6:31 PM August 22, 2024 6:31 PM

views 13

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগ আৰু পি আই বিৰ সহযোগত আয়োজন কৰা অলিম্পিক কুইজৰ বিজয়ীসকলক পুৰস্কৃত

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত আয়োজন কৰা অলিম্পিক কুইজৰ বিজয়ীসকলক আজি পুৰস্কৃত কৰা হয়। পুৰস্কাৰ বিতৰণ অনুষ্ঠানত পি আই বিৰ উত্তৰ- পূৰ্বাঞ্চলৰ সঞ্চালক প্রধান কে সতীশ নম্বুদিৰীপদ, অতিৰিক্ত সঞ্চালক প্রধান জেন নেমচু, আকাশবাণী গুৱাহাটীৰ অভিযান্ত্রিক শাখাৰ উপ-সঞ্চালক প্রধান আৰ চি বড়ো, আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান কাৰ্যবাহী ভাস্কৰ গগৈ, বার্তা সম্পাদক মানস প্রতীম শর্মা, সংবাদাদাতা আমিনুল হক জোদ্দাৰ প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। এই প্রতিযোগ...