February 13, 2025 7:11 PM

views 15

এডভাণ্টেজ আছাম সৈতে সংগতি ৰাখি ১৭ ফেব্ৰুৱাৰীত ‘মহাকাশ আৰু ভূস্থানীয় প্ৰযুক্তি’বিষয়ক অনলাইন কুইজ প্ৰতিযোগিতা

এডভাণ্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ সৈতে সংগতি ৰাখি অসম চৰকাৰে অহা ১৭ ফেব্ৰুৱাৰীৰ দিনৰ ১১.৩০ বজাত মহাকাশ আৰু ভূস্থানীয় প্ৰযুক্তিৰ বিষয়ত এখন অনলাইন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উদ্ভাৱক, গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু উদ্যোগীসকলক আহ্বান জনোৱা হৈছে। ইয়াৰ বাবে ইতিমধ্যে যোৱা ১০ ফেব্ৰুৱাৰীত অনলাইন পঞ্জীয়ন আৰম্ভ হৈছে আৰু ১৬ ফেব্ৰুৱাৰী পঞ্জীয়নৰ অন্তিম দিন। আগ্ৰহীসকলে এই অনলাইন কুইজ প্রতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ www.advantageassam.assa...