March 24, 2025 8:13 PM

views 22

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিলক লৈ গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ সমিতিৰ প্ৰতিবাদ

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ আজি গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ সমিতিৰ সদস্যসকলে বামুণীমৈদামৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰদেশ কংগ্ৰেছৰ নেতা ৰিপুণ বৰাৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ পদত্যাগৰ দাবী কৰে। জিলা কংগ্ৰেছে লগতে সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।