May 14, 2025 8:13 PM

views 16

পাকিস্তান ৰেঞ্জাৰ্ছে গ্ৰেপ্তাৰ কৰা বি এছ এফৰ জোৱান পূৰ্ণম কুমাৰ ছাৱ স্বদেশত

পাঞ্জাবৰ ফিৰোজপুৰ খণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি ভূলবশত পাকিস্তানত প্ৰৱেশ কৰাৰ বাবে ২৩ এপ্ৰিলত দেশখনৰ সীমান্ত সুৰক্ষা বাহিনী পাকিস্তান ৰেঞ্জাৰ্ছে গ্ৰেপ্তাৰ কৰা পূৰ্ণম কুমাৰ ছাৱ নামৰ সীমান্ত সুৰক্ষা বাহিনী বি এছ এফৰ জোৱানজন আজি পুৱা স্বদেশলৈ উভতি আহে। বি এছ এফৰ সূত্ৰসমূহে আমাৰ জলন্ধৰৰ সংবাদদাতাৰ আগত জোৱানজন উভতি অহাৰ কথা নিশ্চিত কৰিছে। জোৱানজনক অমৃতসৰৰ আট্টাৰীৰ যুটীয়া সীমান্ত পহৰা চকীৰ জৰিয়তে ভাৰতৰ হাতত গতাই দিয়া হয় বুলি সূত্রসমূহে প্ৰকাশ কৰিছে। গ্ৰেপ্তাৰৰ সময়ত জোৱানজন এটা দলৰ সৈত...