December 3, 2025 8:57 PM

views 20

আজিৰে পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে আজিৰে পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ অনুষ্ঠিত হৈছে। দুদিনীয়া এই মহোৎসৱত অসমৰ ভালেসংখ্যক ব্যক্তিয়ে অংশ লৈছে। আজি পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত পুৱা পাঁচ বজাত বৰপেটা সত্ৰৰ চম্পক দাসৰ জাগৰণৰ গীত পৰিৱেশনেৰে মহোৎসৱ শুভাৰম্ভ কৰা হয়। পুৱা ৮ বজাৰ প্ৰসংগ সংগীত-নাটক একাডেমী বঁটাপ্ৰাপক ৰাজ্যৰ বিশিষ্ট সত্ৰীয়া শিল্পী গুণীন্দ্র নাথ ওজাই পৰিচালনা কৰে। ইয়াৰ পাছতে বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা সুন্দৰীদিয়া সত্ৰৰ সত্...

December 2, 2025 12:15 PM

views 13

কাইলৈৰ পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অবদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে কাইলৈৰ পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ অনুষ্ঠিত হ'ব। দুদিনীয়াকৈ হ'বলগীয়া এই মহোৎসৱত অসমৰ ভালেসংখ্যক ব্যক্তিয়ে অংশ ল'ব। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ তথা নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে দিয়া এটা বিবৃতি অনুসৰি কাইলৈ পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত পুৱা পাঁচ বজাত বৰপেটা সত্ৰৰ চম্পক দাসৰ জাগৰণৰ গীত পৰিৱেশনেৰে মহোৎসব শুভাৰম্ভ কৰা হ'ব। পুৱা ৮ বজাৰ প্ৰসংগ সংগীত-নাটক একাডেমী বঁটাপ্ৰাপক ৰাজ...