January 31, 2025 8:31 PM

views 9

পাঞ্জাৱৰ ফিৰোজপুৰত সংঘটিত পথ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১২জনলৈ বৃদ্ধি

পাঞ্জাৱৰ ফিৰোজপুৰত আজি সংঘটিত এটা পথ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১২জনলৈ বৃদ্ধি পাইছে। এই দুর্ঘটনাত আন ৯জন লোক গুৰুতৰভাবে আহত হয়। আমালৈ অহা বাতৰি অনুসৰি এখন ট্রাক আৰু কেণ্টাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ট্রাকখনত যাত্ৰা কৰা পাঁচজন লোকৰ থিতাতে মৃত্যু হয়। আহতসকলক ফিৰোজপুৰ আৰু ফৰিদকোটৰ চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। পাঞ্জাৱ চৰকাৰে নিহত লোকসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আর্থিক সাহায্য ঘোষণা কৰিছে।

December 4, 2024 12:37 PM

views 20

অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ৰাজ্যখনৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুখবীৰ সিং বাদলক দুৰ্বৃত্তৰ আক্ৰমণ

পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰত আজি এটা দুৰ্বৃত্তই ৰাজ্যখনৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা শিৰোমণি আকালি দলৰ নেতা সুখবীৰ সিং বাদললৈ লক্ষ্য কৰি কৰা গুলীচালনাৰ ঘটনাত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে। শ্ৰী বাদলে মন্দিৰৰ প্ৰৱেশদ্বাৰত হুইল চেয়াৰত বহি প্ৰাৰ্থনা কৰি থকাৰ সময়তে নাৰায়ণ সিং নামৰ দুর্বৃত্তটোৱে তেওঁৰ ওপৰত গুলীচালনা কৰাৰ চেষ্টা কৰে। অৱশ্যে প্ৰৱেশদ্বাৰত ৰৈ থকা শিৰোমণি গুৰুদ্ধাৰ প্ৰৱন্ধক সমিতিৰ সেৱকসকলৰ তৎপৰতাত তেওঁৰ প্ৰাণ ৰক্ষা পৰে। সেৱকসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আগুৰি ...